বৰপেটা, সংবাদ ৩৬৫, ২৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দল তথা প্ৰাৰ্থী সমূহে ব্যাপক  প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ ৰাজনৈতিক দল সমূহত যোগদান পৰ্বও পৰিলক্ষিত হৈছে।

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে বৰপেটা জিলাত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত তৎপৰ হৈ পৰিছে। বৰপেটা বিধান সভা সমষ্টিৰ ৫০ জন স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকে তৃণমূল কংগ্ৰেছত যোগদান কৰি মা মাটি মানুহৰ হকে কাম কৰিবলৈ শপত গ্ৰহণ কৰে ।

তৃণমূল কংগ্ৰেছ দলৰ বৰপেটা লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী এছাহাক আলী দেৱানৰ  উপস্থিতিত উত্তৰ বৰপেটা কলনিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভাত  বিধানসভা সমষ্টিটোৰ যুৱ তৃণমূল কংগ্ৰেছ কমিটি গঠন কৰা হয়। সভাত বৰপেটা জিলাৰ তৃণমূল কংগ্ৰেছ কমিটিৰ সভাপতি ছৈয়দ জেহেৰুল ইছলাম আৰু সাধাৰণ সম্পাদক ( প্ৰশাসনিক ) ছাদ্দাম খানৰ নেতৃত্বত গঠিত সমিতি খনত উচ্চ শিক্ষিত উদ্যমী যুৱকৰ অংশগ্ৰহণে তৃণমূল কংগ্ৰেছক অধিক শক্তিশালী কৰিব বুলি নেতাদ্বয়ে মতপোষণ কৰে।