গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : সোমবাৰে গুৱাহাটীৰ লতাশিল খেল পথাৰৰ বিহু সন্মিলনীৰ ৬৮ সংখ্যক ৰঙালী বিহু উদযাপনৰ শুভাৰম্ভণি কৰা হয় । লাইখুঁটা স্থাপনৰ যোগেদি লতাশিল খেলপথাৰত শুভাৰম্ভণি কৰা হয়। লাইখুঁটা স্থাপন কৰে গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠ সদস্য তথা আভ্যন্তৰীণ হিচাপ পৰীক্ষক পৱন চন্দ্ৰ বৰুৱাই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি অশোক কুমাৰ বিষয়া, কাৰ্যকৰী সভাপতি জগন্নাথ দাস, সাধাৰণ সম্পাদক নিলোপম দাস, যুটীয়া সম্পাদক বিজিত প্রদীপ দাস, সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়া, কোষাধ্যক্ষ মুকুল হাজৰিকা, প্রাক্তন সভাপতি কৈলাস শৰ্মা প্ৰমুখ্যে সকলো কার্যকৰী বিষয়া, সদস্য।

আনহাতে, এইবাৰৰ বিহু সন্মিলনীৰ বাজেট হ’ব ৬.৫০ লাখ টকা আৰু ১৬ এপ্ৰিলৰ সন্ধিয়াৰ বিশেষ আকৰ্ষণ হব জুবীন গাৰ্গ আৰু দ্বীপলিনা ডেকা।

অনুষ্ঠানত সভাপতি অশোক কুমাৰ বিষয়াই আগন্তুক বিহুৰ কেইদিনত অসমৰ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে।