গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : ২০১৮ চনৰ ০১ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ সোমবাৰে একবছৰ সম্পূৰ্ণ হয়। সেই উপলক্ষে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যবৃন্দ আৰু শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক লৈ এক আলোচনাচক্ৰৰ আয়োজন কৰে। উক্ত আলোচনাচক্ৰত শ্বহীদ পৰিয়ালৰ অভাৱ অভিযোগসমূহ চৰকাৰৰ দৃষ্টিগোচৰৰ বাবে সংবাদ মাধ্যমৰ আগত জনায়।
তেওঁলোকে মুখ্যমন্ত্ৰীয়ে অসমৰ জাতীয় শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ সদস্য সদস্যাৰ কৰ্ম-সংস্থাপনৰ বিষয়ে শীঘ্ৰেই বলিষ্ঠ পদক্ষেপ লবলৈ আহ্বান জনায়।
অসম চৰকাৰে অসম আন্দোলনৰ গুলিবিদ্ধ পৰিয়ালক আৰ্থিক সাহাৰ্য্য হিচাপে ২ লাখ টকা যিদৰে প্ৰদান কৰিলে সেইদৰে বাকী পংগু আৰু নিৰ্যাতিত সকলকো আৰ্থিক সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিবলৈ পৰিষদে আহ্বান জনায়।
অসম চৰকাৰে অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ নামত ২০০০ চনত গুৱাহাটীৰ হেঙেৰাবাৰীত দিয়া একবিঘা মাটি পৰিষদক দখল মুক্ত কৰি দিব লাগে যাতে পৰিষদে শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ কল্যাণৰ হকে কাম কৰিব পাৰে।
ইয়াৰোপৰি ২০১৬ চনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা চৰকাৰৰ এশ দিনীয়া কৰ্মসূচীত ৩১৫ জন সদস্যক বিভাগসমূহত আবদ্ধ হৈ থকা প্ৰাৰ্থীসকলক শীঘ্ৰে নিযুক্তি দিবলৈ দাবী জনায়।