গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : অগ্নিগৰ্ভা সময় আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় জীৱনলৈ অহা ভয়াবহ সংকট আৰু ভাবুকিক প্ৰতিহত কৰি মহাবীৰ লাচিত বৰ ফুকনৰ বীৰত্ব, সাহসক নতুন প্ৰজন্মৰ মাজত সবলভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে লগতে নতুন কৰ্ম বিপ্লৱ সূচনা কৰাৰ চিন্তাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সোমবাৰে লাচিত সেনা, আসাম নামেৰে এটি জাতীয় সংগঠনে আত্মপ্ৰকাশ কৰে।

সংবাদমেলত সংগঠনটোৱে কয় যে অসম তথা পূৰ্বাঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ সন্মিলিত চিন্তা আৰু প্ৰচেষ্টাৰে গণমুখী কাম কৰি যাব। কেৱল ইছ্যুকেন্দ্ৰীক আন্দোলনমুখী নহৈ নিবনুৱা সংস্থাপনৰ স্বাৰ্থত কর্মমুখী বিপ্লৱক প্ৰাধান্য দি লগতে জাতীয় সমস্যা সমূহৰ সঠিক ৰূপত বিশ্লেষণ আৰু সমাধানৰ বাবে সকলো জাতি-গোষ্ঠীক একত্ৰিত কৰি ঐক্যবদ্ধ গণ সংগ্ৰামৰ পাতনি মেলিব সংগঠনটোৱে।

সমাজ জীৱনৰ সকলো স্তৰতে সংঘটিত হৈ থকা শোষণ, দুৰ্নীতি, অপৰাধৰ বিৰুদ্ধেও গণ সজাগতাৰ সৃষ্টিৰ বাবে গণমুখী কাৰ্যসূচী ৰূপায়ন কৰিব সংগঠনটোৱে।

ইয়াৰোপৰি অসমত এটাৰ পিছত এটাকৈ অসংখ্য সংগঠন জন্ম হৈ ভাগ ভাগ হৈ আন্দোলন কৰাৰ বিপৰীতে সকলোকে এখন মঞ্চলৈ আহ্বান কৰি সন্মিলিত প্ৰচেষ্টাৰে জাতীয় সমস্যবোৰ সমাধানৰ বাবে আগভাগ লব বুলি সংবাদমেলত জানিবলৈ দিয়ে সংগঠনটোৱে।

সংবাদমেলত সমাজসেৱক আৰু সাংস্কৃতিককর্মী সোনমণি দত্তক সভাপতি, সমাজকর্মী শান্তনু হাজৰিকাক সম্পাদক প্ৰধান , যুৱ সমাজ কৰ্মী ৰাজদ্বীপ ভূঞাক সাধাৰণ সম্পাদক, প্ৰশান্ত দাসক উপ সভাপতি হিচাপে লৈ এখন ৫১ জনীয়া কেন্দ্ৰীয় কমিটি গঠন কৰে।