গুৱাহাটী, সংবাদ ৩৬৫, ২ এপ্ৰিল : টাই আহোম যুৱ পৰিষদ অসমে অসমৰ সমূহ ৰাইজক বিবেক ভোটেৰে নিজ নিজ সমষ্টিৰ সমস্যাসমূহ সৱল কণ্ঠেৰে সংসদত উল্লেখ কৰিব পৰা যোগ্য প্ৰাৰ্থীক দল আৰু আদৰ্শৰ ঊৰ্ধত গৈ নিজ নিজ বহুমূলীয়া ভোট দান কৰিবৰ বাবে এখন সংবাদমেল আয়োজন কৰি আহ্বান জনায়।

সংবাদমেলত তেওঁলোকে কয় যে ২০১৪ চনৰ লোক সভা নিৰ্বাচনত পৰিবৰ্তনৰ আশাৰে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অৱসান ঘটাই অসমৰ ৰাইজে তথা আহোম জনগোষ্ঠীৰ ভোটাৰসকলে নিৰ্ণায়ক ভূমিকা লৈছিল। লগতে ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰক ক্ষমতালৈ অনাৰ মূলতে আছিল তেওঁলোকৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ক্ৰমে জনজাতিকৰণ, নিবনুৱা সমস্যা সমাধান, বিদেশী সমস্যা সমাধান । কিন্তু এই সকলোবোৰ বিগত পাঁচ বছৰত তেওঁলোকৰ কাম-কাজত দেখা পোৱা নগ’ল ।

অসমীয়া জাতিৰ আৱেগ আৰু জাতীয়তাবাদী সত্বাৰ লগত হেতালি খেলি অসম গণ পৰিষদ দলেও অসমীয়া জাতিৰ আশাক জলাঞ্জলি দি কেৱ আনিব খোজা বিজেপি দলৰ লগত পুনৰ মিত্ৰতা কৰি জাতীয়তাবাদীৰ ধ্বংস যজ্ঞত শেষ আহুতিৰে আঞ্চলিকতাবাদত বিশ্বাসী খিলঞ্জীয়া ৰাইজৰ আশাত চেঁচা পানী ঢালিলে।

আনহাতে আগন্তুক লোক সভা নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক কুচকাৱাজৰ সমান্তৰালকৈ যি গণতন্ত্ৰৰ পৰিপন্থী পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশে গণতান্ত্ৰত বিশ্বাসী মানুহক হতাশগ্ৰস্ত কৰিছে । সেয়েহে ৰাজ্যৰ সমূহ ৰাজনৈতিক দললৈ সুস্থ ৰাজনৈতিক বাতাবৰণ বৰ্তাই নীতি আদৰ্শ আৰু উন্নয়নৰ আধাৰত মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আৰু সংবিধান প্ৰদত্ত নাগৰিকৰ ভোটাধিকাৰক সন্মান জনাই ভোট যুদ্ধত অৱতীৰ্ণ হবলৈ আহ্বান জনায় টাই আহোম যুৱ পৰিষদ অসমে।