গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব প্ৰদান কৰা জোনমণি দেৱী খাউণ্ডে সমাগত লোকসভা নিৰ্বাচনত তেওঁলৈ মুকলি ভাৱে সমৰ্থন কৰিবলৈ এখন সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।
সংবাদমেলত কংগ্ৰেছ আৰু বিজেপিক কটাক্ষ জোনমণি দেৱী খাউণ্ডৰ। বিজেপি চৰকাৰ আম্বানী,আদানীৰ পকেটত সোমাই আছে। দুৰ্নীতি নিৰ্মূল কৰিম বুলি কোৱা বিজেপি চৰকাৰে প্ৰথমে নিৰ্বাচনৰ দুৰ্নীতি বন্ধ কৰক।
উল্লেখযোগ্য যে ইতিমধ্যে নিৰ্বাচনী আয়োগে জোনমণি দেৱী খাউণ্ডৰ মনোনয়ন গ্ৰহণ কৰিছে। সংবাদমেলত তেখেতে কয় যে এই সংগ্ৰাম সহজ নহয় যিহেতু কোনোধৰণৰ ৰাজনৈতিক দলৰ সহযোগিতা তেওঁৰ লগত নাই। সেইবাবে সকলো ৰাইজক তেখেতক এই ক্ষেত্ৰত সহায় কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।
তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় সংবাদ মেল যোগেৰে জানিবলৈ দিয়ে। প্ৰথমটো পদক্ষেপ হিচাপে মহিলাৰ বাবে লোকসভা অথবা বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিব। দ্বিতীয়তে, খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰা।
আনহাতে, বিধেয়ক পুনৰ অহাৰ সম্ভাৱনা নাই যদিও সাংসদ হিচাপে নিৰ্বাচন হোৱাৰ পাছত বিধায়েকখন সদনত উত্থাপন হয় তেনেহলে তেওঁ সংসদীয় ৰাজনীতিৰ গণ্ডীৰ ভিতৰত থাকি ইয়াৰ সজোৰে প্ৰতিবাদ কৰিব।
মহানগৰীৰ বিভিন্ন অঞ্চলৰ লগতে চুবুৰীয়া অঞ্চল সমূহতো বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সমাধান হোৱা নাই গতিকে ইয়াৰ বাবেও তেখেতে এক স্থায়ী সমাধানৰ বাবে প্ৰয়াস কৰিব বুলি সংবাদমেলৰ জৰিয়তে ব্যক্ত কৰে।
নিবনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লম বুলি সদৰী কৰি সংবাদমেলত কয় যে মহানগৰীৰ বিভিন্ন প্ৰান্তত বিজেপি আৰু কংগ্ৰেছ চৰকাৰৰ দিনত ধ্বংস স্তূপত পৰিণত হোৱা উদ্যোগ সমূহ পুনৰ উজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা হাতত লব । প্ৰকৃতি সুৰক্ষা দিবলৈ বদ্ধপৰিকৰ জোনমণি দেৱী খাউণ্ডে পবিতৰা, ৰাণী, দীপৰ বিল আদিত হৈ থকা বালিৰ ছিণ্ডিকেট প্ৰতিৰোধৰ বাবে চেষ্টা কৰিব।
মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগত কাৰণৰ বিৰোধীতা কৰি তেওঁ কয় সাংসদ হলেও নহলেও মধ্যাহ্ন ভোজনৰ কৰ্মী সকলক আইনী সুৰক্ষা দিবৰ বাবে চেষ্টা কৰিম।
সংবাদমেলত তেখেতে সমষ্টিবাসীৰ প্ৰতি দায়বদ্ধতা পালন কৰিম বুলি মন্তব্য কৰে । তেখেতে আৰু কয় যে সদনৰ মজিয়াত টোপনি মাৰিবলৈ, সম্পত্তিৰ পাহাৰ গঢ়িবলৈ ৰাইজে নেতা নিৰ্বাচন নকৰে । টকাৰ প্ৰলোভনত বিজ্ঞাপনৰ ৰাজনীতি তেনেই ক্ষন্তেকীয়া। সৎ ৰাজনীতি আজিও আছে। নেতাসকলে ঢৌৰ সৈতে উটি যোৱাৰ সলনি সোঁতৰ বিপৰীতে থিয় হবলৈ সাহস কৰক। সুবিধাবাদী চৰিত্ৰ ত্যাগ কৰক।