পশ্চিম গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সমষ্টিত চিঙৰা-চাহৰ জুতি ল’লে ববিতা শৰ্মাই । শুকুৰবাৰে পশ্চিম গুৱাহাটী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা । ৰাণীৰ পৰা এক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই ববিতা শৰ্মাই ।
শতাধিক কংগ্ৰেছ সমৰ্থকে ববিতা শৰ্মাক এই ৰেলীত সহযোগ আগবঢ়াই । ৰেলীৰ সময়চোৱাত ভিন্ন ঠাইত ববিতা শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী জনজাতীয় এলেকাৰ চল্লিৰ সাপ্তাহিক বজাৰত উপস্থিত হয় । বজাৰখনৰ এখন ক্ষুদ্ৰ চাহ বিপনিত উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই চাহ বিপনিৰ পৰা চিঙৰা,ফুলাৰী,চাহৰ জুতি লয় ববিতা শৰ্মাই । লগতে বজাৰখনৰ বয়োজ্যেষ্ঠ মহিলাক গামোছাৰে সম্বৰ্ধনা জনায় আশীৰ্বাদ গ্ৰহন কৰে ।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছী নেতা-কৰ্মীৰ লগতে উপস্থিত আছিল জুৰি শৰ্মা বৰদলৈ । জুৰি শৰ্মা বৰদলৈয়ে ন-কংগ্ৰেছী যতিন মালীৰ যোগদানক স্বাগতম জনাই এই বুলি মন্তব্য কৰে যে তেখেতে আহিয়ে বহু কথা কৈছে যিতো আমাৰ সাংগঠনিক হিচাপে বুজি পাওতে সময় লাগিব । এইটো আমাৰ হাইকামাণ্ড মানি চলা দল । হাইকামাণ্ডে যাকে টিকত দিয়ে তেওঁ টিকত পায় । কাৰোবাক কৰবাত দিব এইটো আমি মানি চলিব টান পাইছো ।