গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সহযোগী দল সংগঠনৰ দ্বাৰা গঠিত যৌথ সংগ্রাম সমিতিয়ে এখন সংবাদমেলৰ আয়োজন কৰে।

চিৰিয়াখানা সুৰক্ষা মঞ্চই সংবাদমেলত ক্ষোভ প্ৰকাশ কৰি কয় ২০১৭ চনৰ মে মাহত সন্দেহযুক্ত চোৰাং চিকাৰী তেজাজ মৰিস্বামীক ডি এফ অ হিচাপে নিযুক্তি দিয়াৰ পিছৰে পৰা পাইকাৰী হাৰত চিৰিয়াখানাৰ জন্তুৰ মৃত্যু হবলৈ ধৰিছে। আৰ টি আইৰ তথ্য অনুসৰি ৮৯৮ বিধ বিভিন্ন প্ৰজাতিৰ জন্তু মৰিছে। বৰ্তমান চিৰিয়াখানাত থকা ৪৭৩ বিধ জন্তুই মৃত্যুৰ ক্ষণ গণিছে।

সংবাদমেলৰ যোগেদি ৰাইজক উদ্দেশ্যি কয় যে যদি বিজেপি দল পুনৰ ক্ষমতালৈ আহে তেনেহলে অসম তথা উত্তৰ-পূবৰ গৌৰৱময় জাতীয় সম্পদ অসম ৰাজ্যিক চিৰিয়াখানা ধ্বংস হব আৰু ইয়াৰ অধীনত থকা ১৭৫ হেক্টৰৰ বিশাল ভূ-খণ্ড বহিৰাগত বনিয়াৰ হাতলৈ গুচি যাব। ইতিমধ্যে গোপনে এই ষড়যন্ত্ৰ সম্পূৰ্ণ কৰা হৈছে। এই বিশাল ভূ-খণ্ড বনিয়াৰ হাতলৈ গলে গুৱাহাটীৰ মাজমজিয়াত বহিৰাগতৰ ঘাটি স্থাপন হব। সেয়ে মঞ্চৰ সহযোগী দল-সংগঠনৰ যৌথ সভাই এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ বিপক্ষে ভোট দান কৰিবলৈ ৰাইজক আহ্বান জনায়।

সংবাদমেলত তেওঁলোকে আৰু কয় বিগত সময়চোৱাত ডি এফ অ জনে অসংখ্য দুষ্কাৰ্য সংঘটিত কৰি চিৰিয়াখানাক ধংসৰ পথলৈ আনিছে। ডি এফ অ জনৰ বহুতো বিস্ফোৰক অভিযোগৰ লগতে আন বহুতো অভিযোগৰ প্ৰমাণ বনমন্ত্ৰীৰ ওচৰত বাৰম্বাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই চৰকাৰখন সম্পূৰ্ণৰূপে এই দুষ্কাৰ্যত জড়িত তাকেই প্ৰমাণ কৰে।

সেইবাবে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সহযোগী দল, সংগঠনৰ যৌথ সভাই অসম তথা উত্তৰ-পূৱৰ জাতীয় সম্পদ চিৰিয়াখানাক ৰক্ষাৰ বাবে সৰ্বাত্মক আন্দোলন গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।আন্দোলনৰ আগতে “অসম ৰাজ্যিক চিৰিয়াখানা ৰক্ষা কৰক” আহ্বানেৰে গুৱাহাটীৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ৰাইজৰ মাজত সজাগতা অভিযান চলাব।