গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক লোকসভা মিডিয়া বিভাগৰ সদস্য ধ্ৰৱপ্ৰসাদ বৈশ্যৰ সংবাদমেল । সংবাদমেলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা বৈশ্যৰ।

সংবাদ মাধ্যমৰ আগত বৈশ্যই কয় ” নিৰ্বাচন অহাৰ লগে লগে যেন অসমৰ প্ৰতি কংগ্ৰেছৰ প্ৰেম উথলি উঠিছে, প্ৰতিশ্ৰুতিৰ বন্যা বৈছে। অসম বাসী মাতৃয়ে জানে যে কংগ্ৰেছৰ শাসন মানেই অসমবাসীৰ বাবে শোষণ, বঞ্চনা,নিপীড়ন,অত্যাচাৰৰ শাসন। কংগ্ৰেছে কোনো কালেই অসমবাসীৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা নাই আৰু অসমৰ জনসাধাৰণক নিজৰ বুলি কোৱা নাই। ”

বৈশ্যই আৰু কয় যে কংগ্ৰেছৰ শাসকৰ লোলোপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে। অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য। স্বাধীনতাৰ সময়তেই অসমৰ নেতৃত্বই অসমক পূব পাকিস্তানৰ লগত চামিল কৰিবলৈ প্ৰচেষ্টা চলাইছিল। এই ষড়যন্ত্ৰ ব্যৰ্থ হল। পৰৱৰ্তী সময়তো কংগ্ৰেছ নেতৃত্বই অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি ভংগী লৈ আহিছে।

উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু এন ডি এ চৰকাৰ ভাৰতীয় জনতা পাৰ্টী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু কংগ্ৰেছ মানেই অসমক প্ৰবঞ্চনা কৰা ইতিহাস। কংগ্ৰেছে এতিয়া দেশৰ বাবে চকুপানী বোৱাবলৈ আৰম্ভ কৰিছে। এইয়া ঘৰীয়ালৰ চকুপানী। কংগ্ৰেছে এটা সময়ত শ্ল গান দিছিল নিৰ্বাচনত গৰীবি হটাও। গৰীব দূৰ নহল। গৰীব হে দূৰ হল।

এইবাৰ নিৰ্বাচনত মূল্যবৃদ্ধি এটা বিষয় হৈ থকা নাই। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ভাৰতীয় জনতা পাৰ্টি সফল হৈছে। ভাৰত বৰ্ষৰ মৰ্যাদা দিনক দিনে বৃদ্ধি পাই আহিছে। এখন সবল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু প্ৰতিজন ভাৰতবাসী মৰ্যাদা পূৰ্ণ বিশ্বত মৰ্যাদা পূৰ্ণ নাগৰিক হিচাপে গৌৰৱ বোধ কৰিবলৈ আৰম্ভ কৰিছে।

আনহাতে, এ আই ইউ ডি এফৰ সম্পৰ্কত কয় ” এ আই ইউ ডি এফৰ বি টীমক মানুহেটো নাহাঁহেই গছ – লতাইহে হাঁহিব। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ছোনিয়া গান্ধীৰ লগত ফটো উঠি ভাল পায়। প্ৰকৃততে এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ লগত কোনো ধৰণৰ পাৰ্থক্য নাই।”

অখিল গগৈয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা টকা লোৱাৰ সন্দৰ্ভত কয় যে তেওঁলোকৰ সতীৰ্থই কৈছে যেতিয়া আমাৰ তাত কব লগীয়া কি আছে।