গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : বিজেপিৰ আইনী কোষৰ বিৰুদ্ধে গোচৰ উপমন্যু হাজৰিকাৰ।

নুনমাটি থানাত বিজেপিৰ আইনী কোষৰ আহ্বায়ক বেণুধৰ নাথৰ বিৰুদ্ধে নুনমাটি থানাত গোচৰ দিয়ে হাজৰিকাই।

উল্লেখযোগ্য যে, আইনী কোষৰ আহ্বায়কজনে যোৱা ৭ এপ্ৰিলৰ দিনা নুনমাটি থানাত উপমন্যু হাজৰিকাৰ বিৰুদ্ধে নিউ গুৱাহাটীৰ বিজেপিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ নথি পত্ৰ হৰলুকী হোৱা বুলি গোচৰ দিছিল।

ইপিনে, বেণুধৰ নাথে মিছা তথ্য দি হাজৰিকাৰ বিৰুদ্ধে গোচৰ তৰা বাবে আই পি চি ধাৰা ১৮২ আৰু ২১১ ৰ অধীনত এই গোচৰ কৰা হয় বুলি উপমন্যু হাজৰিকাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

হাজৰিকাই কয় “ইয়াৰে ধাৰা ২১১ জামিনযোগ্য নহয় । যদি আৰক্ষী বিভাগ নিৰপেক্ষ হয়, তেন্তে তেওঁলোকে অনতিপলমে এই গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰিবলৈ আগবাঢ়িব লাগে।”

তেওঁ আৰু কয় “দুৰ্ভাগ্যজনকভাৱে এটা মিছা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰিবলৈ আগবাঢ়িছে, যিটো গোচৰ ভিডিঅ’ ফুটেজৰ সাক্ষ্য অনুসৰীয়েই মিছা।”