গুৱাহাটী, সংবাদ ৩৬৫, ১০ এপ্ৰিল : কালিলৈ অসমলৈ আহিব নৰেন্দ্ৰ মোদী। মঙলদৈৰ কেন্দুকণাত এক বিশাল জনসভাত ভাষণ দিব প্ৰধান মন্ত্ৰীগৰাকীয়ে। এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে বিজেপিৰ নেতা বিজয় গুপ্তাই।
গুপ্তাই কয় যে এই জনসভাত এক ডেৰ লাখ মানুহৰ মাজত প্ৰচাৰ চলাব মোদীয়ে। আৰু এই প্ৰচাৰ চলোৱাৰ পাছত অসমত ১৪ তাৰ ভিতৰত ১৪ তা আসনতেই জয়লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ভাৰতীয় জনতা পাৰ্টিৰ নেতা বিজয় গুপ্তাই।
ইয়াৰোপৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ খন আসনৰ ভিতৰত ৫ খনতে জয়লাভ নিশ্চিত হৈছে বুলি দাবী কৰে বিজয় গুপ্তাই ।
ইফালে মোদীৰ এই ভ্ৰমণৰ পাছতই তেখেত কোকৰাঝাৰত যাব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে।
সাংবাদিকে কোন ঠাইত কঠিন পৰ্যায়ৰ নিৰ্বাচনৰ মুখা-মুখী হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত গুপ্তাই কয় ” প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তেজপুৰ,লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট ৰয় কলিয়াবৰ আদিত কোনো ধৰণৰ কঠিন নিৰ্বাচনৰ সন্মুখীন নহয়। এই পাঁচটা আসনত ভাৰতীয় জনতা পাৰ্টিৰ কোনো যুদ্ধই নাই। “