গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মে’ : যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত যাদুৰ সজাগতা বৃদ্ধি কৰাৰ এক প্ৰচেষ্টাৰে ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ সঠিক ভবিষ্যদ্বাণী কৰিছিল যাদুৰ সম্ৰাট বিক্ৰমে । ২০১৪ৰ ভৱিষ্যদ্বাণী এশ শতাংশই শুদ্ধ প্ৰমাণিত হোৱাৰ পাছত এইবাৰ ২০১৯ বৰ্ষৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ সঠিক ভৱিষ্যদ্বাণী কৰিছে।

১৪ মে’ অৰ্থাৎ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰি যাদু সম্ৰাট বিক্ৰমে এটা বাকছৰ ভিতৰত বন্দী কৰিলে ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল। উক্ত বাকচত আছিল সাতটা তলা। বাকচটোত থকা সাতটা তলা অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক, বিষয়ববীয়া লোকে বন্ধ কৰে।

উক্ত বাকচটো ২৪ মে’লৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ জিম্মাত ৰখা হব। ২৪ মে’ৰ ২০১৯ ত মুকলি কৰা হব বাকচৰ ভিতৰত থকা ফলাফল। উক্ত বাকচটোৰ ভিতৰৰ দলিলত উল্লেখ আছে কোনটো দলে কিমান এখন পাব। লগতে অসমৰ সৰ্বাধিক ভোটপ্ৰাপ্ত প্ৰাৰ্থীৰ নামো উল্লেখ থাকিব। উল্লেখ থাকিব অসমৰ সৰ্বাধিক ভোটপ্ৰাপ্ত প্ৰাৰ্থীৰ নাম । যাদু সম্ৰাট বিক্ৰমৰ বিশ্বাস ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দৰে এইবাৰৰ ফলাফলো হব এশ শতাংশই শুদ্ধ।

এইবাৰৰ ফলাফল মানুহে ভাবি থকাৰ দৰে নহয়। মানুহে যিটো ভাবি আছে সেইটোতকৈ অলপ বেলেগ হ’ব এইবাৰৰ নিৰ্বাচনৰ ফলাফল। আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এনেদৰে কয় যাদুৰ সম্ৰাট বিক্ৰমে ।

নিৰ্বাচনৰ এই ভবিষ্যদ্বাণীৰ কাৰণে বিক্ৰমে সমষ্টিসমূহৰ প্ৰাৰ্থীৰ লগতে ভোটাৰসকলৰ লগতে বিশিষ্ট কেইগৰাকী মান ব্যক্তিক লগ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে ।

ইয়াৰোপৰি এইবাৰৰ যাদুৰ ফলাফল কেৱল অসমৰে নহয় উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যৰো ফলাফল বিক্ৰমৰ যাদুৰ বাকচত বন্দী হৈছে।