গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মে’ : লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ প্ৰথমখন সংবাদমেল । সংবামেলত কুইন ওজা প্ৰমুখ্যে অসমৰ নৱ নিৰ্বাচিত সাংসদসকলক অভিনন্দন জ্ঞাপন উপমন্যু হাজৰিকাৰ । অভিনন্দন জ্ঞাপন কৰি হাজৰিকাই কয় যে তৃতীয় স্থান লাভ কৰি বিফল হোৱাত মোৰ কোনো আক্ষেপ নাই।
উল্লেখযোগ্য যে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা গুৱাহাটীৰ ৭ নং লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছিল।
সংবাদমেলত হাজৰিকাই কয় যে গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭,৬৩,৭৫৭ টা ভোট প্ৰদান কৰাৰ বিপৰীতে আমি মাত্ৰ ২১,১১৪ টা ভোট পাইছো। যি শতকৰা হাৰ আছিল ১.২%। নিৰ্বাচনী প্ৰচাৰত বহুলোক সঁহাৰি জনোৱাৰ উপৰি বহুলোকে নিজাববীয়াকৈ প্ৰচাৰো চলাইছিল । এই ক্ষেত্ৰত নিম্ন সংখ্যক ভোট পোৱাটো আশ্চৰ্যজনক।
হাজৰিকাই আৰু কয় যে ২০১৪ চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰতি প্ৰত্যক্ষ ঢৌ আছিল আৰু নিৰ্বাচনত বিজয়া চক্ৰৱৰ্তীয়ে ৫০.৫৯% ভোট পাইছিল । এইবাৰৰ নিৰ্বাচনত শাসকীয় দল বিজেপিৰ প্ৰতি কোনো ঢৌ নোহোৱাকৈয়ে কুইন ওজাই ৫৭% ভোট পাই ভাৰতবৰ্ষত এটা নতুন খিতাপ দখল কৰিলে।
বিজেপি প্ৰাৰ্থী জিকাত কোনো আক্ষেপ নাই কিন্তু জাতীয় বিষয় লৈ শাসকীয় দলৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজৰ যি ক্ষোভ আছে তেনে অৱস্থাত ভোটৰ সংখ্যা আগৰবাৰতকৈ বেছি হোৱাটো আশ্বৰ্যজনক বুলিও সংবাদমেলত ব্যক্ত কৰে হাজৰিকাই।
ইভিএমটো সঠিক ভোট প্ৰদানৰ মাধ্যম হোৱাৰ ওপৰত সন্দেহ উপমন্যু হাজৰিকাৰ । তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুকেইখন শক্তিশালী গণতান্ত্ৰিক দেশত ইভিএম নিষিদ্ধ কৰিছে। ভাৰতবৰ্ষতো এই ক্ষেত্ৰত বহুকেইটা দলে ইভিএমৰ বিৰোধীতা কৰিছে আৰু দুয়োপক্ষত তৰ্ক-বিতৰ্ক চলি আছে । “ভোট” গণতন্ত্ৰৰ এটি মূল ভেটি । ইয়াৰ ওপৰত বিতৰ্ক হোৱাতকৈ ২০০৪ চনলৈকে হৈ থকা পেপাৰ বেলটিংৰ ভোট প্ৰদান পদ্ধতিলৈ উভতি যোৱাত কোনো আপত্তি থাকিব নালাগে।
উক্ত বিষয়টোৰ ওপৰত নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথাও সংবাদমেলত ব্যক্ত কৰে হাজৰিকাই।