কলগাছিয়া, সংবাদ ৩৬৫, ২৬ মে’ : জনীয়া সমষ্টিৰ কলগাছিয়াৰ বালাগাওঁ হাইস্কুলত নিশাৰ ভাগত এক চুৰি কাণ্ড সংগঠিত হয় । অন্ধকাৰৰ সুযোগ লৈ চোৰে লুটি নিলে ৯ টাকৈ কম্পিউটাৰ ছেট, প্ৰিণ্টাৰ আদি । বিদ্যালয়ৰ গেট আৰু গ্ৰীলৰ তলা ভাঙি সংঘটিত কৰে এই চুৰি কাণ্ড ।
কম্পিউটাৰ চুৰি কাণ্ড সংক্ৰান্তত বিদ্যালয় কতৃপক্ষই ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু সেই মৰ্মেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে দুসপ্তাহৰ পুৰ্বেও কলগাছিয়াৰ গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও গ্ৰীলৰ তলা ভাঙি চোৰে ৯ টাকৈ কম্পিউটাৰ ছেট চুৰি কৰিছিল। চোৰে শেহতীয়া ভাৱে বিদ্যালয়ৰ পৰা কম্পিউটাৰ আদি চুৰি কৰা কাণ্ডই অঞ্চল ব্যাপি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।