গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মে’ : চলচ্চিত্ৰ অভিনেতা – অভিনেত্ৰী ক্ৰমাৎ জড়িত হৈ পৰিছে অপৰাধমূলক কার্যৰ লগত । জু ৰোড কাণ্ডৰ লগত জড়িত জাহ্নৱী শইকীয়াৰ পাছতে এইবাৰ আৰক্ষীৰ জালত চলচ্চিত্ৰ অভিনেতা নিৰেন শৰ্মা । উজান বজাৰ চাৰিআলিৰ নিৰেন শৰ্মাৰ লগতে ড্ৰাগচসহ ৫ জনক লতাশিল আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে নিৰেন শৰ্মা এগৰাকী চলচ্চিত্ৰ অভিনেতা আছিল । হিয়া দিয়া নিয়া ,যৌৱনে আমনি কৰে আদিকে ধৰি বহু ছবিত অভিনয় কৰা নিৰেন শৰ্মা বৰ্তমান ড্ৰাগছ ব্যৱসায়ৰ মুৰব্বী।

নিৰেন শৰ্মাৰ লগত গ্ৰেপ্তাৰ কৰা কৰা আন কেইজন ক্ৰমে হিমাংশু হাজৰিকা , সিদ্ধাৰ্থ মেধী, মৰিগাঁওৰ মহেন্দ্ৰ নাথ আৰু ইব্ৰাহিম আলি ।

নিৰেন শৰ্মাৰ বাসগৃহ সিদ্ধাৰ্থ এপাৰ্টমেন্টৰ পৰা ৪টা মোবাইল ,
৪০ টা ড্ৰাগছৰ বটল, ১১টা ড্ৰাগছ ভৰ্তি বটল, দুটা চিলিম, এখন চুৰি,আৰু কেইবা হাজাৰো টকা জব্দ কৰে আৰক্ষীয়ে।

প্ৰশ্ন হয় কিয় এনেদৰে এজনৰ পাছত এজনকৈ ক্ৰমাৎ অপৰাধমূলক কার্যৰ লগত জড়িত হৈ পৰিছে একালৰ বহু প্রতিভাৱান অভিনেতা-অভিনেত্ৰী?