নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ জুন : যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এক বিশেষ পদক্ষেপ । ৰাজ্যৰ বাছ আস্থানসমূহত হ’ব শীত-তাপ নিয়ন্ত্ৰিত জিৰণি চ’ৰা । জিৰণি চ’ৰাৰ লগতে শৌচালয় নিৰ্মাণৰ পৰিকল্পনাও কৰিছে চৰকাৰে।

ইতিমধ্যে আমিনগাঁৱত নিৰ্মাণ কাৰ্যৰ আৰম্ভ হৈছে জিৰণি চৰা, শৌচালয়। পৰীক্ষামূলকভাৱে আমিনগাঁৱত হ’ব শীত- তাপ নিয়ন্ত্ৰিত জিৰণি চ’ৰা। আমিনগাঁৱত এই ঘোষণা গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে আমিনগাঁও-উত্তৰ গুৱাহাটী সংযোগী পথটো বহল কৰাৰ কথাও ঘোষণা কৰে।

যিটো সময়ত ৰাজ্যৰ লাখ লাখ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে , কৰবাত হয়তো কোনোবাই পোৱা নাই বিদ্যুৎৰ যোগান , কাৰোবাৰ নাই এটা থকা ঘৰ, কোনোবাই সংগ্ৰাম কৰিব লগা হৈছে দুবেলা দুমুঠি ভাতৰ কাৰণে, কৰবাত পথৰ অৱস্থা একেবাৰেই বেয়া , য’ৰ পৰা সঘনাই হৈ থাকে পথ দুৰ্ঘটনা । তেনে অৱস্থাত কিমানদূৰ আদৰণীয় ৰাজ্যৰ বাছ আস্থানসমূহৰ শীতা-তাপ নিয়ন্ত্ৰিত জিৰণি চ’ৰা ?

যাত্ৰীৰ সুবিধাৰ বাবে , তেওঁলোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বাছ আস্থানসমূহ যিদৰে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰে সজোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক সেইদৰে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কৰিব নে ৰাস্তা-ঘাট অথবা দলং নিৰ্মান। এতিয়াও এনেকুৱা কিছুমান অঞ্চল আছে য’ত নাই এখনো দলং। বিপদ সংকুল পথেৰে বাঁহৰ দলঙেৰে যাত্ৰা কৰে যাত্ৰী সকলে ইয়াৰ ভিতৰত থাকে ৰোগীসকলো।

আনহাতে, চৰকাৰে জনকল্যানমূলক আঁচনিসমূহ ৰূপায়ণ কৰিছে ঠিকেই কিন্তু এই আঁচনিসমূহ কিমানদূৰ সফল হৈছে সেইয়া লক্ষ্য কৰিছেনে ৰাজ্য চৰকাৰে। কিয় এতিয়াও মানুহ থাকিব লগা হৈছে লেমৰ অথবা চাকিৰ পোহৰত, জনকল্যানমূলক আঁচনিসমূহ ৰূপায়ণ কৰিও কিয় এতিয়াও বহু মানুহে হাহাকাৰ কৰি ফুৰে এমুঠি ভাতৰ কাৰণে? চৰকাৰী আৱাস গৃহ প্ৰদান কৰা স্বত্তেও কিয় এতিয়াও বহু পৰিয়াল থাকিব লগা হৈছে জৰাজীৰ্ণ ঘৰত?

নিৰ্বাচনৰ সময়ত শ শ কিলোমিটাৰ খোজ কাঢ়ি , পদ যাত্ৰা কৰি , ভিতৰুৱা অঞ্চল সমূহত গৈ কৰা নিৰ্বাচনী প্ৰচাৰ কৰাৰ দৰে কিয় জনসাধাৰণৰ খবৰ নলয় চৰকাৰে। চৰকাৰে সকলোবোৰ জনকল্যানমূলক আঁচনি গ্ৰহণ কৰাৰ পাছতো কিয় এনেদৰে উপেক্ষিত হৈছে এচাম জনসাধাৰণ । কোনখিনিত খুঁত ৰৈ গৈছে সেই বিষয়ে কিন্তু কোনোদিনেই হয়তো ফঁহিয়াই চোৱা নাই ৰাজ্য চৰকাৰে। আঁচনি একোখন ৰূপায়ন কৰি মুকলি কৰি দিয়াতেই যেন দায়িত্ব শেষ চৰকাৰৰ।