গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুন : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহনকাৰী সংস্থাই এখন সংবাদ মেলৰ আয়োজন কৰে । সংবাদমেলত সম্পাদক মুন্না শইকীয়াই মন্তব্য কৰে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলা সকলো অবৈধ ছিণ্ডিকেটৰ হতাকৰ্তা আন্তৰাজ্যিক সীমান্তত থকা আৰক্ষী চকী কেইখনৰ মূৰব্বী সকল । কাৰণ তেওঁলোকে যদি নিষ্ঠাৰে কাম কৰে তেনেহলে অসমত কোনো ছিণ্ডিকেট ৰ জন্ম হ’ব নোৱাৰে।
” যিহেতু মুখ্যমন্ত্ৰীৰ নাম এই পশুধন ছিণ্ডিকেটৰ সৈতে জড়িত হৈ পৰিছে গতিকে তাৰ বাবে এক দৃষ্টান্ত মূলক সিদ্ধান্ত লৈ উচিত তদন্ত কৰিব লাগে ” – সংবাদমেলত এনেদৰে কয় সম্পাদকগৰাকীয়ে ।
ইফালে চিৰামপুৰ গেটৰ পৰা অহৰহ ৩০ ৰ পৰা ৫০ খন ছিণ্ডিকেটৰ গাড়ী অহা যোৱা কৰি আছে। তাৰে সৰহ সংখ্যক গাড়ী মেঘালয় হৈ বাংলাদেশ সীমান্তলৈ, ধুবুৰী হৈ গৌৰীপুৰলৈ যায় বুলি মন্তব্য কৰাৰ লগতে তেওঁ কয় কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত এই ছিণ্ডিকেট সমূহ বাঢ়ি গৈছে । চিৰামপুৰ গেটৰ পৰা ন মাইল বজাৰ পোৱা লৈকে এখন গাড়ীয়ে দুই লাখ পৰ্যন্ত টকা দিব লাগে।
এই ছিণ্ডিকেট সমূহৰ লগত ৰাজ্যৰ গৃহ বিভাগ জড়িত হৈ থকাৰ অভিযোগ তুলি শইকীয়াই কয় যে বিষয়টোৰ সন্দৰ্ভত বহু তথ্য দিয়াৰ পিছতো এক মাত্ৰ ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই বৰ্তমানলৈকে এই ছিণ্ডিকেটৰ সৈতে জড়িত থকা লোকক জালত পেলাব পৰা নাই । এজন নিষ্ঠাৱান আৰক্ষী বিষয়াৰ দ্বাৰা এটা তদন্ত হৈছিল যদিও তদন্ত প্ৰক্ৰিয়া থমকি ৰোৱাৰ লগতে সংস্থাৰ কৰ্মকৰ্তাক এইবোৰ কামত মূৰ ঘমাব নালাগে বুলি বাধা দিয়াৰ লগতে প্ৰাণৰ শংকা হব বুলি ভয়হে খুৱালে।
গতিকে এই ছিণ্ডিকেট চক্ৰৰ লগত জড়িত সকলো বিষয়াৰ উপৰি অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অতি সোনকালে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মুন্না শইকীয়াই সংবাদমেলত দাবী জনায়।