গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুন : ৰাজ্যত এতিয়া প্ৰচণ্ড গৰম। বিগত কিছুদিন ধৰি দেখা দিয়া অনাবৃষ্টি আৰু গৰমৰ ফলত দৈনিক সৰ্বাধিক উত্তাপৰ মাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যবাসীক সমস্যাত পেলাইছে। দৈনিক জীৱন শৈলী ব্যাহত হৈ পৰিছে সদা ব্যস্ত মানুহৰ। গৰমৰ পৰা হাত সাৰিবলৈ , নিজৰ শৰীৰ শীতল কৰিবলৈ এয়াৰ কণ্ডিচন , বিদ্যুতিক পাংখা, শীতল পানীয় আদি ব্যৱহাৰ কৰি বিভিন্ন ধৰণে চেষ্টা অব্যাহত ৰাখিছে।

মানৱ সমাজৰ দৰে জীৱ-জন্তুৰ জীৱন শৈলীতো ব্যাপক প্ৰভাৱ পৰিছে উৎকট গৰমৰ ফলত। যাৰ বাবে জীৱ-জন্তুকো এই প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ দিয়া হৈছে বিশেষ সা-সুবিধা।

জীৱ-জন্তুবোৰক ৰদৰ পৰা নিয়ন্ত্ৰণ পাবলৈ চালি সজাই ব্যৱস্থা লৈছে অসম ৰাজ্যিক চিৰিয়াখানাত চিৰিয়াখানা কৰ্তৃপক্ষই । কিছু পৰিমানে জন্তুবোৰেও যাতে শীতল অনুভৱ কৰে তাৰবাবে ভালুক, হৰিণা আদিৰ বাবে ব্যৱস্থা কৰিছে শ্বাৱাৰ, বৈদ্যুতিক পাংখা,ফেনৰ।

উৎকট গৰমৰ পৰা নিয়ন্ত্ৰণ পাবলৈ পৰ্যাপ্ত পৰিমাণৰ পানীৰ অভাৱৰ বাবে বিশেষকৈ জাক জাক দল-হৰিণাক প্ৰখৰ ৰদৰ পৰা ৰক্ষা পাবলৈ এই সুবিধা প্ৰদান কৰা হৈছে।