ডিমৰীয়া, ১১ মেঃ গোৱালপৰীয়া সঙ্গীত শিল্পী আব্দুল ছালামৰ সোমবাৰে নিশা ৮.৩০ বজাত নিজ বাসগৃহত দেহৱসান হয়৷ আব্দুল ছালাম বিগত এমাহৰ ধৰি টিবি ৰোগত আক্ৰান্ত আছিল আৰু মৃত্যুৰ  দুদিন পূৰ্বে ব্ৰেনই স্টোক হৈ জি এন আৰ চি আৰু ডাউন টাউন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ ব্ৰেইনৰ অধিকাংশত তেজ জমা হোৱাত চিকিৎসকে ছালামৰ সুস্থ হোৱাৰ কোনো সম্ভাবনা নথকাত বাসগৃহলৈ প্ৰেৰণ কৰে৷ অৱশেষত সোমবাৰে তেওঁ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে৷ আব্দুল ছালামে গোৱালপৰীয়া লোকগীতে পৰিবেশনেৰে সকলোৰে হৃদয় জয় কৰিছিল৷ ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে তেওঁ জন্ম ঠাই তুৰাটো গোৱালপৰীয়া লোকগীত গায়ক হিচাবে প্ৰসিদ্ধ আছিল৷ ছালামে বৰ্তমানৰ বাসগৃহ ১৫মাইলতো সম্পূৰ্ণ নিজৰ পুঁজিৰে বিভিন্ন সামাজিক কাম-কাজ কৰিছিল আৰু সকলোকে সহায় কৰিছিল৷ তেওঁ প্ৰতেক বছৰৰ ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত ১৫ মাইলৰ হগ্ৰাপাৰা ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছিল৷ গোৱালপৰীয়া সঙ্গীত শিল্পী আব্দুল ছালামৰ আকস্মিক মৃত্যুত সকলো গুনমুগ্ধই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তৰ্প পৰিয়াললৈ সমবেদনা জনাইছে৷