নাৰায়ণপুৰ,১১ মেঃ লক্ষীমপুৰৰ নাৰায়নপুৰত সংগীতানুষ্ঠান চাবলৈ আহি এক দুৰ্ঘটনাত দুজন যুৱকে কৰুণ মৃত্যুক সাৱতি লয়৷ নাৰায়নপুৰত জুবিন গাৰ্গ আৰু বিহপুৰীয়াত লাটুমণি-কুসুম কৈলাসৰ সংগীতানুষ্ঠান চাবলৈ আহোতেই নাৰায়ণপুৰৰ চৈধ্যপুনিয়াত দুখন বাইকৰ মাজত মুখামুখি সংৰ্ঘষ হয়৷ দুৰ্ঘটনাত ইমানেই ভয়াবহ আছিল যে দুয়োজন বাইক আৰোহী থিতাতে নিহত হয়৷ নিহত বাইক আৰোহী দুজনৰ নাম পাপু বৰুৱা আৰু পাপু পেটেল৷ পাপু বৰুৱাৰ ঘৰ পানবাৰীৰ মাজগাঁৱত আৰু পাপু পেটেল ঘৰ অৰুণাচলৰ নাহৰলগুনত৷ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বহু সময় পৰিস্থিতি উত্তপ্ত হৈ থাকে৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তীব্ৰ বেগত বাইক চলোৱা বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়৷ আন একাংশৰ মতে দুয়োজন বাইক আৰোহীয়ে মাদক দব্য পান কৰি বাইক চলোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়৷ এই দুৰ্ঘটনাটোৰ লগতে নাৰায়ণপুৰত সংঘটিত আন তিনিটা সৰু-সৰু দুৰ্ঘটনাত কেইবাজনো লোক আহত হয়৷ আহত সকলক ততাতৈয়াকে ধলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷