গুৱাহাটী, সংবাদ ৩৬৫,২৪ নৱেম্বৰ : দেওবাৰৰ পৰা আৰম্ভ হৈছে এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ ‘ চমুকৈ জি জি বি এলৰ দ্বিতীয় ছিজন। চাৰিটা বয়স গোটত চাৰিশতকৈও অধিক কণ কণ শিশু ফুটবলাৰে অংশগ্ৰহণ কৰিছে বেবী লীগত।

বেলতলা হাইস্কুলৰ খেলপথাৰত গুৱাহাটী চিটী এফচি আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে আমূলৰ সহযোগত আৰু অসম ফুটবল সংস্থা, ডেকাথল্‌ন গুৱাহাটী আৰু ৯৪.৩ গপশ্বপ এফএমৰ পৃষ্ঠপোষকতাত আয়োজন কৰা এই লীগত দেওবাৰে অনুৰ্ধ ৬, ৮, ১০ আৰু ১২ বয়স গোটৰ খেলসমূহ অনুষ্ঠিত হয় ৷

প্ৰথমবাৰৰ বাবে একেবাৰে কম বয়সৰ শিশুক ফুটবলৰ লগত পৰিচয় কৰি দিবলৈ অনুৰ্ধ ৬ গোট আৰম্ভ কৰা হৈছে আৰু মুঠ ৮টা দলৰ ৪০জনতকৈ অধিক শিশুৱে দেওবাৰৰ খেলত অংশ লয় ৷

উল্লেখ কৰিব পাৰি যে আয়োজক গুৱাহাটী চিটী এফচিয়েও ইয়াৰ জিচিএফচি ফুটবল স্কুলৰ গুৱাহাটী কেন্দ্ৰৰপৰা অনুৰ্ধ ৬, ৮, ১০ আৰু ১২ দল গঠন কৰি জিচিএফচি ইউনিকৰ্নছ হিচাপে জিজিবিএলত অংশ লৈছে ৷

এটা প্ৰেছ বিবৃতিত প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ খেলখনত অনুৰ্ধ ৬ শাখাত জিচিএফচি ইউনিকৰ্নছে দুখন খেলত অংশ লৈ ক্ৰমে মনোময় ডীয়েৰ্ছক ৫-২ আৰু দিছপুৰ লায়ন্সক ৪-০ গ’লত পৰাস্ত কৰে ৷ অনুৰ্ধ ৮ত জিচিএফচি ইউনিকৰ্নছে খানাপাৰা পেগাছাছক ৭-২ গ’লত পৰাস্ত কৰে ৷ অনুৰ্ধ ১০ত ইউনিকৰ্নছ লিট্‌ল ফ্লাৱাৰ স্কুলৰ হাতত ০-১ গ’লত পৰাস্ত হয় যদিও ৰেইবোজৰ বিৰুদ্ধে ৱাকঅ’ভাৰ লাভ কৰে ।