গুৱাহাটী, সংবাদ ৩৬৫, ২৪ নৱেম্বৰ : এন আৰ চিৰ সন্দৰ্ভত এক প্ৰেছ বিবৃতিৰ জৰিয়তে মন্তব্য প্ৰকাশ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ। প্ৰেছ বিবৃতিখনত তেখেতে উল্লেখ কৰে যে জাতিৰ এই অস্তিত্বৰ সংকটৰ সময়ত আমাৰ নেতাসকলে মাত্ৰ নিজৰ স্বাৰ্থ আৰু ক্ষমতাৰ লোভকহে অগ্ৰাধিকাৰ দি আহিছে। এন আৰ চিৰ বিষয়ে তেওঁলোকে না নিজে কিবা জানে বা জানিব বিচাৰে। এন আৰ চিৰ সমাধান বা এখন নিখুত এন আৰ চি প্ৰস্তুতৰ ক্ষেত্ৰত তেওঁলোকৰ একেবাৰে গুৰুত্ব নাই। মাত্ৰ অসমৰ ৰাইজক আভুৱা ভৰা বা নিকৃষ্ট ৰাজনীতিৰে জনতাৰ ভোট আদায় কৰাতহে নেতাসকল ব্যস্ত হৈ পৰিছে। যদিও ড’ হিমন্ত বিশ্ব শৰ্মাই মুখেৰে ১৯৫১ চনক সমৰ্থন জনায় কিন্তু তেওঁৰে চৰকাৰে ১৯৭১ চনৰ সমৰ্থনত শপতনামা দিলে উচ্চতম ন্যায়ালয়ত ।

এতিয়া আকৌ ৰাজ্যিক বিজেপিৰ অধ্যক্ষ ৰঞ্জিত দাসে এনেকুৱা এটা টুলুঙা মন্তব্য দি একোব আগ বাঢ়ি গৈ পুনৰ নতুন এন আৰ চিৰ কথা কলে, তেও নাজানে যে শুদ্ধ এন আৰ চিৰ বাবে পুনৰীক্ষণহে প্ৰয়োজন নতুন এন আৰ চি নহয়। কালি এখন সংবাদমেলত ৰঞ্জিত দাসে কয় যে পূৰ্বৰ এন আৰ চি খনত বহু খুত আছিল বাবেই পুণৰ এখন নিখুত এন আৰ চিৰ প্ৰস্তুতি চলাইছে আৰু অসমৰ ৰাইজকো এই ক্ষেত্ৰত ত্যাগ কৰিবলৈ সাজু হ’বলৈ আহ্বান জনাইছে। দাসৰ এই মন্তব্যত ৰাইজৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ প্ৰকৃততে কিমান সেয়া স্পষ্টকৈ প্ৰকাশ পাইছে। ৰাজ্যৰ শাসনভাৰ লোৱা আমাৰ তথাকথিত নেতাসকলে দীৰ্ঘদিনে মাত্ৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনোৱাতহে অধিক গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰেছ বিবৃতিখনত এনেদৰে উল্লেখ কৰে হাজৰিকাই।

বিবৃতিখনত তেখেতে আৰু উল্লেখ কৰে যে আমি জানো যে বৰ্তমানৰ এই বিজেপি চৰকাৰৰ দিনতেই এন আৰ চি খন হৈছিল। ৫০ হাজাৰ চৰকাৰী বিষয়-ববীয়াই ইয়াত কাম কৰিছিল। সেই এন আৰ চিত ওলোৱা বিসংগতিৰ কথা সংবাদ মাধ্যমত বহুবাৰ প্ৰকাশো পাইছিল। তেতিয়া কিন্তু বিজেপি চৰকাৰ তথা কোনো এজন তথাকথিত জাতীয় নেতাই ইয়াৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি অহা নাছিল। এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বিদেশীৰ নাম কৰ্তন কৰা বা সেই অপৰাধৰ তদন্তৰ সন্দৰ্ভতো কোনো এজন নেতাই এটা মন্তব্যও নকৰিলে। চৰকাৰে মাথো নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা এন আৰ চিত বিদেশী অন্তৰ্ভুক্ত কৰাতহে গুৰুত্ব দিলে।

বৰ্তমান অসমৰ জনতাৰ মত এন আৰ চিৰ বিৰুদ্ধে থকা দেখি চৰকাৰে আকৌ নিকৃষ্ট ৰাজনীতি খেলিবলৈ আৰম্ভ কৰিছে। চৰকাৰে পুণৰবাৰ কৰিব খোজা এন আৰ চি খনত যে কোনো বিসংগতি নহ’ব তাৰ কি নিশ্চয়তা আছে ? হয় যোৱা এন আৰ চিৰ প্ৰক্ৰিয়াত কি বিসংগতি আছিল সেয়া তদন্ত কৰাত আজিকোপতি চৰকাৰে কোনো ব্যৱস্থাই নললে। এতিয়াও এন আৰ চিৰ সকলো নথি পত্ৰ চৰকাৰৰ লগত আছে। সেইখিনি ডিজিটেলাইজ কৰি ভালদৰে অধ্যয়ন কৰিলেই অন্তৰ্ভুক্ত হোৱা বিদেশীবোৰৰ নাম কৰ্তন হৈ যাব।

পুনৰ এখন এন আৰ চি কৰিলেই আমাৰ সমস্যাটোৰ সমাধান কেতিয়াও নহয়। কিয়নো চৰকাৰ একেখনেই, মানুহ একেখিনিয়েই বৰ্তমান কৰ্মৰত হৈ আছে। তেওঁলোকে নিজ নিজ দায়িত্বৰ পৰা সাৰিবলৈহে এনেবোৰ প্ৰচেষ্টা চলাইছে। যি সময়ত মেঘালয় বিজেপিয়ে কেবৰ তীব্ৰ বিৰোধিতা কৰিছে সেই সময়তে আকৌ ৰঞ্জিত দাসে কেৱ অনাটো অসমৰ খিলঞ্জীয়াৰ এটা দায়িত্ব বুলি মন্তব্য কৰিছে। ৰঞ্জিত দাসৰ এই মন্তব্যত এটা কথা স্পষ্ট হৈছে যে আমাৰ নেতাসকল সম্পূৰ্ণৰূপে মেৰুদণ্ডহীন‌। কেন্দ্ৰীয় চৰকাৰে জাপি দিছে বাবেই তেওঁলোকে কেবৰ সমৰ্থন জনাবলৈ ধৰিছে। আমাৰ নেতাসকল বৰ্তমান নিজৰ লোভনীয় পদ আৰু ক্ষমতাত অন্ধ হৈ পৰিছে। ৰাইজৰ ভোট লৈ শাসনভাৰ লোৱা এনে নেতাবোৰে অসমৰ জনতাক চূড়ান্ত প্ৰৱঞ্চনা কৰিছে। এনেদৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।