নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : সৰুপেটাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কলিতাসকলক লৈ এক মন্তব্য কৰিছিল। তাৰ পাছতে এতিয়া বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ ।

অনুষ্ঠানটোত কলিতা জনগোষ্ঠীটোক লৈ সমাজ বিভক্ত হৈ আছে বুলি মন্তব্য কৰিছিল জুবিন গাৰ্গে । ইয়াৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জনগোষ্ঠীটোৰ মাজত ।

সম্প্ৰতি ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি জুবিন গাৰ্গে কয় যে, ” জাতি জনগোষ্ঠীৰ বাহিৰত গৈ এজন অসমীয়া হবলৈ কৈ আছো। কলিতা গোষ্ঠী নালাগে, শৰ্মা গোষ্ঠী নালাগে অকল অসমীয়া গোষ্ঠী হওঁক । বিজেপিৰ বিৰুদ্ধে , কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছো তৃতীয় পক্ষই কেনেকৈ মোক দমন কৰিব পাৰে তাৰে চেষ্টা দিব কিন্তু এইয়া কৰি লাভ নাই । আমাৰ আন্দোলন তীব্ৰতৰ কৰি গৈ আছে ।

কেন্দ্ৰীয় চৰকাৰ হওঁক, মোদী চৰকাৰ হওঁক, অমিত শ্বাহ হওঁক আমি খাতিৰ নকৰো। অদৰকাৰী কথাত তেওঁলোকে লাগি আছে । ভুল বুজিছে তেওঁলোকে মই দুখ পাইছো । তেওঁলোকে যদি দুখ পাইছে সেইটোত আৰু দুখ পাইছো। “