নিউজ ডেস্ক, ১০ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ৭ অক্টোবৰ, ২০২৬ তাৰিখে আলিপুৰদুৱাৰ (Alipurduwar) মণ্ডলৰ সুৰক্ষা ব্যৱস্থা পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত আলিপুৰদুৱাৰৰ মণ্ডলৰ মাণ্ডলিক ৰে’লৱে প্ৰবন্ধক দেৱেন্দ্ৰ সিং আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গও তেওঁৰ সৈতে উপস্থিত থাকে।
এই পৰিদৰ্শনত ৰে’ল পৰিচালনাৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা, ৰক্ষণাবেক্ষণ আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সুবিধা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভ্ৰমণৰ অংশ হিচাপে মহাপ্ৰবন্ধকগৰাকীয়ে নিউ বঙাইগাঁৱৰ পৰা আলিপুৰদুৱাৰ জংচনলৈ ৱিনডো ট্ৰেইলিং পৰিদৰ্শন কৰে। এই সময়ছোৱাত তেওঁ সংশ্লিষ্ট ৰে’লপথ, সেতু অভাৰহেড বৈদ্যুতিক ব্যৱস্থা আৰু অন্যান্য ৰে’লৱে সম্পদৰ স্থিতিৰ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি এই সম্পদসমূহৰ ৰক্ষণাবেক্ষণ মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় ৰক্ষণাবেক্ষণমূলক কামসমূহ চিনাক্ত কৰে।
আলিপুৰদুৱাৰ জংচনত মহাপ্ৰবন্ধকগৰাকীয়ে ষ্টেচন য়াৰ্ড, কেৰেজ এণ্ড ৱাগন ডিপো আৰু মাণ্ডলিক প্ৰশিক্ষণ বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ নৱনিৰ্মিত পিট লাইন, বায়’-টয়লেট পৰীক্ষাগাৰ আৰু কেৰেজ এণ্ড ৱেগন মডেল তথা কৰ্মচাৰী প্ৰশিক্ষণ কক্ষ উদ্বোধন কৰে। এই সুবিধাসমূহে ৰে’ল ডবাৰ পৰিদৰ্শন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে বায়’-টয়লেট ব্যৱস্থাৰ ফলপ্ৰসূ ৰক্ষণাবেক্ষণ আৰু কৰ্মচাৰীসকলৰ ব্যৱহাৰিক প্ৰশিক্ষণত সহায় কৰিব। এই উন্নয়নমূলক পদক্ষেপসমূহে ৰে’লৰ ইঞ্জিন আৰু ডবাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উন্নতি আৰু যাত্ৰীসকলৰ অধিক আৰামদায়ক যাত্ৰা নিশ্চিত কৰাত অৰিহণা যোগাব।
মহাপ্ৰবন্ধকগৰাকীয়ে এটা অটোমেটিক ব্লক চিগনেলিং মডেল কক্ষ, এটা আই পি এক্সচেঞ্জ আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক স্মাৰ্ট লাৰ্নিং চেণ্টাৰো উদ্বোধন কৰে। এই সুবিধাসমূহে চিগনেলিং ব্যৱস্থা সম্পৰ্কে কৰ্মচাৰীসকলৰ জ্ঞান অধিক সমৃদ্ধ কৰাৰ লগতে যোগাযোগ আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু প্ৰযুক্তিভিত্তিক শিক্ষণত সহায় কৰিব। তেওঁ আলিপুৰদুৱাৰ জংচনত বিভিন্ন ক্ৰীড়াৰ সুবিধাসম্পন্ন এক ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।
প্ৰস্তাৱিত এই প্ৰকল্পই ৰে’ল কৰ্মচাৰীসকলৰ শাৰীৰিক সুস্থতা বৃদ্ধি, ক্ৰীড়াত অংশগ্ৰহণৰ প্ৰতি উৎসাহ যোগোৱা আৰু ক্ৰীড়া প্ৰতিভাৰ বিকাশত সহায় কৰাৰ লগতে দলীয় মনোভাৱ আৰু অনুশাসন গঢ়ি তোলাত অৰিহণা যোগাব। এই পদক্ষেপসমূহে অধিক সুৰক্ষিত, দক্ষ আৰু যাত্ৰীকেন্দ্ৰিক ৰে’লসেৱা প্ৰদানৰ লক্ষ্যৰে আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু কৰ্মচাৰীসকলৰ দক্ষতা বিকাশৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে।
