গুৱাহাটী
২০ জুলাই
ৰাজ্যৰ মীন বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বহু সম্ভাৱনা আছে নিবনুৱা সকলৰ বাবে। বিশেষকৈ মৎস্য পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি আন দহজনকো কৰ্মসংস্থাপন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। তলাবন্ধৰ ফলত কৰ্মসংস্থাপন হেৰুৱাই নিবনুৱা হৈ পৰা বহু শিক্ষিত যুৱক মৎস্য পালনৰ জৰিয়তে নতুন কৰ্মসংস্থাপনৰ সন্ধানত কাষ চাপিছে মীন বিভাগৰ।
বিশ্বব্যাপী মহামাৰী কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশজুৰি তলাবন্ধৰ ফলত কৰ্মসংস্থাপন হেৰুৱাইছে লাখ লাখ লোকে। বৃহৎ বৃহৎ উদ্যাগৰ পৰা আৰম্ভ কৰি সাধাৰণ ব্যৱসায়ী, সকলো তলাবন্ধৰ ফলত সন্মুখীন হৈছে ব্যাপক লোকচানৰ। ফলত লোকচানৰ সন্মুখীন হৈ বহু লোক ব্যৱসায়ী বন্ধ কৰিবলৈ বাধ্য হৈ নিবনুৱা হৈ পৰিছে। কৰ্মসংস্থাপন হেৰুৱাই দিশহাৰা হৈ পৰিছে লাখ লাখ লোকে। এনে সময়ত নতুন কৰ্মসংস্থাপনৰ জৰিয়তে নিজকে পুনৰ স্বাৱলম্বী কৰি তুলিবলৈ বহু নিবনুৱা কাষ চাপিছে মীন বিভাগৰ। মীন বিভাগৰ বিভিন্ন আঁচনি সমূহৰ জৰিয়তে কম মূলধন বিনিয়োগ কৰি অধিক লাভবান হোৱাৰ সম্ভাৱনা অধিক। ইতিমধ্যে তলাবন্ধৰ ফলত কৰ্মসংস্থাপন হেৰুওৱা বহু লোক ফিছফেডৰ লগত জড়িত হৈ লাভাম্বিত হৈছে।
কৰ’ণা ভাইৰাছ আৰু তলাবন্ধৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক অৱস্থা বিধ্বস্ত হৈ পৰা মহাসংকটৰ এই সময়ত আৰ্থিকভাৱে সবল হৈ আছে ৰাজ্যৰ মৎস্য পালনৰ লগত জড়িত লোক সকল। তলাবন্ধই ৰাজ্যৰ মৎস্য পালক সকলক ওলোটাই অধিক আত্মবিশ্বাসী কৰি তুলিছে। সাধাৰণতে বহিঃৰাজ্যৰ মাছৰ ওপৰত নিৰ্ভৰশীল অসমবাসীক তলাবন্ধৰ সময়ত মৎস্য পালক সকলে পৰ্যাপ্ত পৰিমাণৰ মাছ যোগান ধৰি প্ৰমাণ কৰিছে যে ৰাজ্যৰ মৎস্য পালক সকল অসমবাসী ৰাইজৰ মাছৰ চাহিদা পূৰণ কৰাত সম্পূৰ্ণৰূপে সক্ষম। তলাবন্ধৰ প্ৰথম পৰ্যায়ত মৎস্য পালক সকলে মাছ বিক্ৰী কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও ৰাজ্যৰ মীনমন্ত্ৰী, মীন বিভাগ আৰু ফিছ ফেডৰ ফালৰ পৰা মৎস্য পালক সকলক মাছ বিক্ৰীৰ সুবিধা প্ৰদান কৰাত মৎস্য পালক সকল লাভাম্বিত হোৱাৰ সমান্তৰালে মৎস্য পালক সকলে প্ৰমাণ কৰি দেখুৱালে যে অসম মাছৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল নহয়।
ফিছফেডৰ পৰিচালক সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই জানিবলৈ দিয়া মতে ফিছেফেডে তলাবন্ধৰ সময়ছোৱাত ১০ এপ্ৰিলৰ পৰা গুৱাহাটীত মাছ বিক্ৰী কৰাৰ অনুমতি লাভ কৰিছিল। ১০ এপ্ৰিলৰ পৰা ২৮ জুনলৈ তলাবন্ধৰ সময়ত গুৱাহাটীত ফিছেফেডে ৪৩,৯৮৫ কেজি মাছ বিক্ৰী কৰিছে। ফিছফেডৰ অন্তৰ্গত সমবায় সমিতি সমূহৰ এই বৃহৎ পৰিমাণ মাছ বিক্ৰী কৰি ফিডফেডে উপাৰ্জন কৰিছে প্ৰায় ১ কোটি ৪০ লাখ টকা।