আনিছুৰ আলী

গৌৰীপুৰ 

২৪ জুলাই

গৌৰীপুৰৰ তাৰঘাটত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াবহ পথ দূৰ্ঘটনা। পুৱাৰ ভাগত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় দুজনকৈ লোক। আহত লোক দুজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি।

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তাৰঘাটত শুকুৰবাৰে পুৱা ৯ মান বজাত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ এই পথ দুর্ঘটনত দুজনকৈ লোক গুৰুত্বৰভাৱে আহত হৈছে। জানিব পৰা মতে গৌৰীপুৰৰ পৰা অলমগঞ্জ অভিমুখে এছ-১৭-এইচ-৮৬৬১ নম্বৰৰ বাইকেৰে দুজন লোক গৈ থকা অৱস্থাত বাইক চালক জনে নিয়ন্ত্ৰণ হেৰুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা চিমেণ্টৰ খুটাত খুন্দা মাৰে। দুর্ঘটনৰ খবৰ পাই দুৰ্ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ যান-বাহন আৰক্ষী শাখাৰ আৰক্ষী বিষয়া সাধন সৰকাৰ উপস্থিত হৈ আহত লোক দুজনক চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। আহত লোক দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে আহত লোক দুজনৰ প্ৰকৃত ঠিকনা জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে আহত লোক দুজন অলমগঞ্জৰ বুলি সন্দেহ প্ৰকাশ কৰিছে। তীব্ৰ গতিত বাইক চলাই যোৱাৰ বাবে বাইক চালক জনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা খুটাত খুন্দা মাৰে বুলিও জানিবলৈ দিয়ে প্ৰত্যক্ষদর্শী কিছুমান লোকে।