শিবেন্দু বৰা

জুৰীয়া

২৪ জুলাই

জুৰীয়াৰ ফুৰহানআটি ৰহমানিয়া এম ই মাদ্ৰাছাত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বৃত্তি প্ৰদানৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰধান শিক্ষকে ধন লোৱাৰ অভিযোগ। প্ৰধান শিক্ষকে অস্বীকাৰ কৰিলে ধন লোৱাৰ অভিযোগ।

নগাঁও জিলাৰ জুৰীয়া ফুৰহানআটি ৰহমানিয়া এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত অহা বৃত্তি প্ৰদানৰ নামত ধন লোৱাৰ অভিযোগ তুলিছিল মাদ্ৰাছাখনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে। শুকুৰবাৰে জুৰীয়া সংবাদ ক্লাৱত ফুৰহানআটি ৰহমানিয়া এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল জলিলে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পুৰ্ণ মিছা বুলি প্ৰকাশ কৰে। প্ৰধান শিক্ষক গৰাকীয়ে আৰু কয় যে, তেওঁ মাদ্ৰাছাখনত চাকৰিত যোগদান কৰাৰ পিছৰে পৰাই এটা চক্ৰই তেওঁৰ বিৰুদ্ধে ষড়যন্ৰ কৰি আহিছে। তেওঁ মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যালঘু বৃত্তিৰ আবেদনৰ নামত কোনো ধৰণৰ ধন লোৱা নাই আৰু মাদ্ৰাছাখনত কোনো দুৰ্নীতিও সংঘটিত হোৱা নাই। এই ক্ষেত্ৰত যদি কিবা তদন্ত কৰা হয় তেন্তে প্ৰধান শিক্ষক গৰাকীয়ে তদন্তত সম্পূৰ্ণ সহযোগ কৰিবলৈ প্ৰস্তুত বুলিও জানিবলৈ দিয়ে। নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত বালুচৰ ফুৰহানআটী ৰহমানীয়া এম ই মাদ্ৰাছাত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তি প্ৰদানৰ নামত প্ৰধান শিক্ষকে ধন লোৱাৰ অভিযোগ তুলিছিল একাংশ ছাত্ৰ-ছাত্ৰী তথা অভিভাবকে। অভিযোগ মতে, মুস্তাক আহমেদ, ইজাজুল হক, মুচাছিৰ আলম, কল্পনা খাতুন আৰু ইশ্বাত আনোৱাৰ নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী কেইজনৰ পৰা প্ৰধান শিক্ষক গৰাকীয়ে বৃত্তি প্ৰদানৰ নামত ৫০০ টকাকৈ লৈছিল।

বৃত্তি প্ৰদানৰ আবেদনৰ নামত ৫০০ টকাকৈ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগৰ পিছত প্ৰধান শিক্ষক গৰাকীয়ে জুৰীয়া সংবাদ ক্লাবত উপস্থিত হৈ সাংবাদিকৰ আগত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ কথা প্ৰকাশ কৰি বৃত্তি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ অস্বীকাৰ কৰে।