গুৱাহাটী

২৪ জুলাই

কৰ’ণা কালৰ মাজতে মীন বিভাগক অধিক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্যৰ মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মীন বিভাগক অধিক গতিশীলতা প্ৰদানৰ উদ্দেশ্যে শুকুৰবাৰে জনতা ভৱনত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ১২ গৰাকী মীন উন্নয়ন বিষয়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে।

মীন বিষয়া কেইগৰাকীৰ নিযুক্তিৰ ফলত ৰাজ্যখনৰ নীল বিপ্লৱে নতুন মাত্ৰা পোৱাৰ লগতে মৎস্য উৎপাদনৰ সৈতে জড়িতসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে বিভাগটোৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমে ২০১৯-২০ বৰ্ষত ৩.৩৫ লাখ মেট্ৰিক টন মৎস্য উৎপাদনেৰে অভিলেখ গঢ়িবলৈকো সমৰ্থ হৈছে। ২০১৫-১৬ বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত চাৰি শতাংশতকৈও অধিক মৎস্য উৎপাদন হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী শুক্লবৈদ্যই।

কৰ’ণ ভাইৰাছৰ সন্ত্ৰাসৰ ফলত ঘোষণা কৰা লকডাউনৰ মাজতো ৰাজ্যৰ মীন বিভাগে মৎস্য উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মনিৰ্ভৰ অসমক বাস্তৱ ৰূপ দিবলৈ মীন বিভাগে যৎপৰোনাস্তি চেষ্টা চলাই গৈছে। সেইহে কৰ’ণা কালৰ মাজতো মীন বিষয়া কেইগৰাকীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছো। নিযুক্তি পত্ৰ বিতৰণ কৰি এইদৰে কয় মীনমন্ত্ৰী শুক্লবৈদ্যই।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মীন বিভাগৰ কাৰ্য-কুশলতাৰ প্ৰশংসা কৰাৰ লগতে অনাগত দিনত বিভাগটোৱে অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ কৰি তুলিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে। ‘অসমে মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰসমূহলৈও মাছ ৰপ্তানি কৰিছে। দক্ষিণ-পূব এছিয়াৰ বিভিন্ন বজাৰত আমাৰ সুদৃঢ় স্থিতি গঢ় দিয়াৰ লক্ষ্যৰে এতিয়া আমি অসমক ‘মাছ ৰপ্তানিকাৰী ৰাজ্য’ হিচাপে আগুৱাই নিয়াত অগ্ৰাধিকাৰ দিছোঁ।’ নীল বিপ্লৱক অধিক গতিশীলতা প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ, মীন সঞ্চালক দেৱ কুমাৰ দেৱনাথৰ লগতে কেবাজনো শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে।