গুৱাহাটী
২৭ জুলাই
গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী। পি পি ই কিট পৰিধান কৰি প্ৰতিবাদস্থলীত মহানগৰ আৰক্ষী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল গুৱাহাটী ক্লাবৰ আকাশ-বতাহ।
প্ৰতিকূল বতৰ আৰু কৰ’ণা ভাইৰাছৰ ভয়াবতাকো নেওচি সোমবাৰে গুৱাহাটীত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। শতাধিক কংগ্ৰেছ কৰ্মীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী ক্লাৱত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই প্ৰতিবাদস্থলীৰ পৰা বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে বিজেপি দলে কংগ্ৰেছ দলৰ চৰকাৰ থকা ৰাজ্য সমূহ নিজৰ দখললৈ অনাৰ বাবে ষড়যন্ত্ৰ কৰিছে। বিজেপিয়ে ইতিমধ্যে কেইবাখনো ৰাজ্যত ষড়যন্ত্ৰ কৰি কংগ্ৰেছৰ চৰকাৰ ভংগ কৰি বিজেপিৰ চৰকাৰ গঠন কৰাৰ পিছত এতিয়া ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ ভংগ কৰাৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। বিজেপিয়ে দেশৰ সংবিধানৰ অবমাননা আৰু ৰাজ্য পালৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি কংগ্ৰেছৰ চৰকাৰ ভংগ কৰাৰ ষড়যন্ত্ৰ কৰিছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যপালক তেওঁৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ বিধানসভাৰ অধিবেশনৰ আহ্বান জনাবলৈ দাবী জনাইছিল যদিও ৰাজ্যপালে বিধানসভাৰ অধিবেশন আহ্বান নকৰি বিজেপি দলক বিধায়ক কিনাৰ সুযোগ প্ৰদান কৰিছে বুলিও অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে। ৰাজস্থানৰ ৰাজ্যপাল গৰাকীয়ে নিজৰ পদমৰ্যাদাৰ অপব্যৱহাৰ কৰা বুলিও মন্তব্য প্ৰকাশ কৰি ৰাজস্থানৰ ৰাজ্যপাল গৰাকীকো তীব্ৰ সমালোচনা কৰে ৰিপুন বৰাই।
ইফালে কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পি পি ই কিট পৰিধান কৰি প্ৰতিবাদস্থলীত উপস্থিত থাকে মহানগৰ আৰক্ষীৰ কেইবাগৰাকী জোৱান। আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত মাইকযোগে প্ৰৰিবাদকাৰী সকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই থকা সন্দৰ্ভত ৰিপুন বৰাই কয় যে আৰক্ষীৰ বাবে কৰ’ণা ভাইৰাছ সন্দৰ্ভত থকা সকলো নীতি নিয়ম বিৰোধী দল আৰু ৰাইজৰ বাবে প্ৰয়োজন। মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্রী তথা বিজেপি দলৰ নেতা সকলে নীতি-নিয়ম ভংগ কৰা আৰক্ষীৰ দৃষ্ঠি গোচৰ নহয়।