সঞ্জয় কুমাৰ সিং

খেৰণি

২৭ জুলাই

পাঁচ সতীৰ্থই মিলি হত্যা কৰি গছত ওলমাই থলে এজন যুৱকৰ মৃতদেহ। আৰক্ষীয়ে আটক কৰিলে পাঁচ হত্যাকাৰীক। নিশা হাতী পহৰা দিবলৈ টঙি ঘৰত সতীৰ্থ সকলৰ লগত একেগলে আছিল যুৱকজন।

পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰণিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। খেৰণিৰ বৰ-মাটিখোলাত পাঁচ সতীৰ্থই মিলি হত্যা কৰিলে জিতেন্দ্ৰ ৰাম নামৰ এজন যুৱকক। হত্যাকাৰী কেইজনে জিতেন্দ্ৰ ৰামক হত্যা কৰি আমৰেং বনাঞ্চলৰ ভিতৰত ৰচীৰে গছত ওলমাই থলে মৃতদেহ। সোমবাৰে পুৱাৰ ভাগত স্থানীয় লোকে গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে জিতেন্দ্ৰ ৰামৰ মৃতদেহ। দেওবাৰে নিশা সতীৰ্থ কেইজনৰ লগত সৈতে হাতী পহৰা দিবলৈ একেলগে টঙি ঘৰত আছিল জিতেন্দ্ৰ। হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ জিতেন্দ্ৰ ৰামৰ মৃতদেহ মৰণোত্ত পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে পাঁচ হত্যাকাৰীক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।