ছৰফৰাজ খান

গুৱাহাটী

১৪ আগষ্ট

অসম ৰাজ্যিক চিৰিয়াখানা লৈ আগমন ঘটিছে তিনিটাকৈ নতুন আলহীৰ। আলহী তিনিটাৰ আগমন লকডাউনৰ মাজতে ঘটিছিল যদিও চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰা নাছিল নতুন আলহীৰ আগমনৰ খবৰ। চিৰিয়াখানাৰ এই তিনিটা নতুন আলহীৰ এটাৰ নাম চিম্বা আৰু আনটোৰ চুলতান।

ৱাল্ট ডিজনীৰ ‘দি লায়ন কিং’ ছবিখনৰ মুখ্য চৰিত্ৰৰ সিংহৰ পোৱালীটোৰ নাম চিম্বা। গতিকে অসম ৰাজ্যিক চিৰিয়াখানাত লকডাউনৰ মাজতে যোৱা ৯ জুনত জন্ম লাভ কৰা সিংহৰ পোৱালিৰ নাম ৰখা হ’ল চিম্বা। বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা চৰকাৰে ঘোষণা কৰিছিল দেশজুৰি লকডাউন। জুন মাহৰ প্ৰথম ভাগত লকডাউনৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানাত থকা ৰাণী নামৰ মাইকী সিংহ জনীয়ে জন্ম দিয়ে এটা পোৱালি। সিংহৰ পোৱালীটো জন্ম লাভ কৰা প্ৰায় এসপ্তাহ পিছতে পুনৰ চিৰিয়াখানাৰ কাজী নামৰ মাইকী ঢেকীয়াপতিয়া বাঘ জনীয়ে জন্ম দিয়ে দুটাকৈ পোৱালি। ৱিকি আৰু ৰাণী নামৰ সিংহৰ পৰিয়াললৈ অহা নতুন আলহীটোৰ নাম চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৰাখিলে চিম্বা। ইফালে ধনুষ আৰু কাজী নামৰ ঢেকীয়াপতিয়া বাঘৰ পৰিয়াললৈ অহা পোৱালি দুটাৰ মতা পোৱালিটোৰ নাম ৰখা হ’ল চুলতান। আনহাতে চুলতানৰ লগতে জন্ম লাভ কৰা মাইকী ঢেকীয়াপতিয়া বাঘৰ পোৱালি জনীৰ নাম বৰ্তমানলৈকে ঠিৰাং কৰা নাই চিৰিয়াখানাৰ কৰ্তৃপক্ষই।

কৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২৫ মাৰ্চৰ পৰা বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানাত লকডাউনৰ মাজতে সিংহ আৰু ঢেকীয়াপতিয়া বাঘৰ পোৱালি জন্ম লাভ কৰাত উৎফুল্লিত হৈ পৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষইৰ লগতে চিৰিয়াখানাৰ সকলো কৰ্মী। উল্লেখ্য যে লকডাউনৰ মাজতে চিৰিয়াখানাত এটা সোণালী বান্দৰৰ পোৱালিও জন্ম লাভ কৰিছে। চিৰিয়াখানাত জন্ম লাভ কৰা সিংহৰ এটা আৰু ঢেকীয়াপতিয়া বাঘৰ দুয়োটা পোৱালি সম্পূৰ্ণ সুস্থ হৈ আছে। চিৰিয়াখানা পুনৰ মুকলি হ’লেই সিংহ আৰু ঢেকীয়াপতিয়া বাঘৰ পোৱালি দুটা দৰ্শকৰ বাবে মুখ্য আকৰ্ষণ হৈ পৰিৱ।