ইজনা মামুল হক চৌধুৰী

লখিমপুৰ

১৪ আগষ্ট

লখিমপুৰত জলপ্ৰলয়। শিঙৰা নদীৰ সংহাৰী বানে উটুৱাই নিলে ৬ জনকৈ লোকক। হাৰমতিত বানত ডুবিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। দ’লহাটত শিঙৰাৰ বানে চিঙিলে গড়কাপ্তানী পথ। শ শ লোকৰ ঘৰ-দুৱাৰ নিলে উটুৱাই নিলে শিঙৰা নদীৰ বানে।

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও লখিমপুৰ জিলাত পুনৰ আৰম্ভ হৈছে জলপ্ৰলয়। জিলাখনৰ বিভিন্ন প্ৰান্তত কেবাখনো নৈয়ে লৈছে সংহাৰী ৰূপ। শুকুৰবাৰে পুৱাৰ ভাগত লখিমপুৰ জিলাৰ দ’লহাটত শিঙৰা নদীৰ সংহাৰী বানে উটুৱাই নিয়ে ৬ জনকৈ লোকক। বানে উটুৱাই নিয়া ৬ জন লোকৰ ভিতৰত ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন হৈ আছে ৪ জনকৈ লোক। শিঙৰা নদীৰ লগতে লখিমপুৰ জিলাৰ হাৰমতিত বগলী নৈ কালৰূপ ধাৰণ কৰিছে। পুৱাৰ ভাগত লখিমপুৰৰ হাৰমতিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ডুব যায় বগলী নৈৰ বাঢ়নী পানীত ডুব যোৱাৰ লগতে অঞ্চলটোৰ শতাধিক লোকৰ ঘৰ-দুৱাৰো ডুব গৈছে পানীত তলত। একেদৰে জিলাখনৰ দ’লহাটত শিঙৰা নদীৰ বানে গড়কাপ্তানী পথো ছিঙি নিয়ে। দলহাট-ফুলবাৰী সংযোগী পকী পথটোৰ বৃহৎ অংশ শিঙৰা নদীৰ বানে ছিঙি নিয়াত পথটোৰে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা।

অঞ্চলটোত শ শ লোকৰ ঘৰ-দুৱাৰো বাঢ়নী পানীয়ে উটুৱাই নিয়াত গৃহহীন হৈ পৰিছে অসংখ্য লোক। বানৰ কবলত পৰা বহু লোকে ওখ স্থানত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। লখিমপুৰ জিলা প্ৰশাসনেও বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ পৰা লোক সকলক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান তীব্রতৰ কৰি তুলিছে। হঠাতে বানৰ কলবত পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজৰ মাজত সম্প্ৰতি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।