মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৭ আগষ্ট

এছিয়াৰ ভিতৰতে অন্যতম কচুগাঁও বনাঞ্চলৰ গছ-গছনি তথা জীৱজন্তু এতিয়া সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত। বিটিচিৰ শাসনভাৰ লোৱাৰ পাছত বিটিচিৰ চাৰি জিলাৰ বনাঞ্চলৰ বৰ্তমানৰ দৃশ্য চাই ৰাজ্যপাল জগদীশ মূখীয়ে বনাঞ্চল ধ্বংস প্ৰতিৰোধ কৰাৰ উপৰি ধ্বংসপ্ৰাপ্ত বনাঞ্চলৰ ভূমিত নতুনকৈ বৃক্ষৰোপণ কৰাৰ সিদ্ধান্ত লৈ ৪০ লাখ গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈ বিটিচিৰ বন বিভাগক উক্ত কাৰ্যসূচী ৰূপায়ণৰ দায়িত্ব প্ৰদান কৰিছে।

যোৱা ২৭ এপ্ৰিলৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে আৰু ইতিমধ্যে প্ৰায় ৩১ লাখ গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈছে। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে সোমবাৰে গোসাঁইগাঁৱৰ কচুগাৱঁত উপস্থিত হৈ কচুগাঁও বন সংমণ্ডলৰ চানফান ৰেঞ্জৰ নৱীননগৰত বৃক্ষ ৰোপণ কৰে। ৰাজ্যপাল জগদীশ মুখীয়ে কচুগাৱঁত বৃক্ষ ৰোপন কৰি শ্ৰীৰামপুৰস্থিত বন বিভাগৰ অতিথি শালাত উপস্থিত হৈ এখন সংবাদমেলত অংশগ্ৰহণ কৰে। সংবাদমেলত ৰাজ্যপাল গৰাকীয়ে কচুগাঁও বনাঞ্চলৰ হৃত গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ কথা পুনৰ দোহাৰে। বিটিচিৰ চাৰিটা বন সংমণ্ডল ক্ৰমে কচুগাঁও, পৰ্বতঝোৰা, হল্টুগাঁও আৰু চিৰাংৰ ধ্বংসপ্ৰাপ্ত বনাঞ্চলত নতুনকৈ বৃক্ষ ৰোপণ কৰাৰ লগতে বনধ্বংস কঠোৰ হাতে দমন কৰাৰ কাম চলি আছে বুলি জনায়। বন ধ্বংস, অবৈধ শিল-বালি খনন বন্ধ কৰিবলৈ বন বিভাগক কঠোৰ হোৱাৰ বাবে নিৰ্দেশ দিয়াত ইতিমধ্যে শতাধিক চোৰাং কাঠ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৫ টা অবৈধ কাঠ ফলা কল জব্দ কৰা হৈছে।

বন বিভাগৰ অভাৱ অভিযোগ দূৰ কৰাৰ ক্ষেত্ৰতো ৰাজ্যপাল জগদীশ মুখীয়ে বিশেষ পদক্ষেপ লোৱা হৈছে বুলিও সংবাদমেলত জানিবলৈ দিয়ে। বনাঞ্চল ৰক্ষাৰ বাবে কৰ্তব্যৰত বন সুৰক্ষা বাহিনীক ১৫০ টা অত্যাধূনিক মাৰনাস্ত্ৰ, চাৰিটা ব’লেৰ গাড়ী আৰু ৪০ টা মটৰ চাইকেল যোগান ধৰা হৈছে বুলিও প্ৰকাশ কৰে ৰাজ্যপালে। ৪০ লাখ গছপুলি বনাঞ্চল সমূহৰ উদং স্থান সমূহত ৰোপণ কৰাৰ উপৰিও চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানৰ চৌহদত বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছৰ পুলি ৰোপণ কৰা হৈছে আৰু ৰোপণ কৰা গছ পুলি সমূহৰ ৰক্ষণাবেক্ষণ কৰাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে ৰাজ্যপাল জগদীশ মূখীয়ে।

বনবিভাগৰ পৰা কাঠৰ কোনো টি পি ইছ্যু কৰা নহয় গতিকে বিটিচিত কাঠ বা খৰি কিনা-বেচা তথা সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰে ৰাজ্যপাল জগদীশ মূখীয়ে। এতিয়াৰ পৰা কোনো কাঠ বা খৰি সৰবৰাহ কৰা নহ’ব বুলিও উল্লেখ কৰে ৰাজ্যপাল জগদীশ মূখীয়ে। শ্ৰীৰামপুৰ অঞ্চলত বিদ্যুতৰ অনিয়মীয়া যোগানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত ৰাজ্যপাল গৰাকীয়ে বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিটিচিৰ প্ৰধান সচিব আৰু প্ৰশাসক এই ক্ষেত্ৰত জৰুৰী পদক্ষেপ গ্ৰহন কৰাৰ বাবে সংবাদমেলতে নিৰ্দেশ প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।