ছয়গাঁও

১৮ আগষ্ট

ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য৷ গাড়ী চোৰ চক্ৰৰ ম’ষ্ট ৱাণ্টেড তালিকাৰ তিনিজন সদস্য ছয়গাঁও আৰক্ষীৰ জালত। আটকাধীন গাড়ী চোৰকেইজনৰ পৰা উদ্ধাৰ তিনিখন বাইক। আৰক্ষীৰ জালত পৰা গাড়ী চোৰ চক্ৰৰ এজন সদস্যই ইতিমধ্যে ২০ খনতকৈও অধিক বাইক চুৰি কৰিছে।

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত সোমবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে এক অভিযান চলাই গাড়ী চোৰ চক্ৰৰ ম’ষ্ট ৱাণ্টেড তালিকাত নাম থকা তিনিজন সদস্যক আটক কৰে। আৰক্ষীয়ে দুৰ্ধৰ্ষ গাড়ী চোৰকেইজনৰ কবলৰ পৰা তিনিখন বাইকো জব্দ কৰে। জানিব পৰামতে যোৱা ১৩ আৰু ২৯ জুলাইত ছয়গাঁও ষ্টেট বেংকৰ সন্মূখৰ পৰা দুখন বাইক চোৰ হোৱাৰ ঘটনা চিচি টিভি কেমাৰাত বন্দী হোৱাত ছয়গাঁও আৰক্ষীয়ে চিচি টিভিৰ তথ্যৰ ভিত্তিত অভিযান চলাই পুনৰ ছয়গাঁও ষ্টেট বেংকৰ সন্মুখত বাইক চুৰি কৰিবলৈ আহোতে গৰৈমাৰীৰ হাতীপাৰাৰ ৰফিকুল ইছলামক সাধাৰণ পোছাকত থকা ছয়গাঁও আৰক্ষীৰ দলটোৱে বেংকৰ সন্মুখত আটক কৰে। ইয়াৰ কিছু সময় পিছতে ৰফিকুলৰ সহযোগী আবিদুল্লাকো আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে দুয়োজনকে জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত নিশা বকোৰ জাউৰীয়াকাটাত অভিযান চলাই কাদেৰ আলী নামৰ গাড়ী চোৰ চক্ৰৰ অন্য এজন সদস্যকো আটক কৰে। আৰক্ষীয়ে চোৰজনৰ ঘৰৰ পৰা দুখন বাইক উদ্ধাৰ কৰাৰ লগতে চোৰ কেইজনৰ তথ্যৰ ভিত্তিত নাদিৰ আলী নামৰ অন্য এজন চোৰৰ ঘৰত অভিযান চলাই এখন বাইক উদ্ধাৰ কৰে যদিও নাদিৰ আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহয়।

আৰক্ষীয়ে অভিযানত কাদেৰ আলীৰ ঘৰৰ পৰা এএছ-১৫-এইছ-০১১৭ আৰু এএছ-০১-বিএছ-৮৫৯২ নম্বৰৰ দুখন নম্বৰপ্লেটো উদ্ধাৰ কৰে। আনহাতে আৰক্ষীয়ে চোৰ কেইজনৰ কবলৰ পৰা জব্দ কৰা বাইক দুখনৰ নম্বৰ হ’ল এএছ-১৫-এইছ-১১০৫ আৰু এএছ-২৫-জি-৯৮৬২ আনহাতে এখন নম্বৰপ্লেট বিহীন বাইকো জব্দ কৰে আৰক্ষীয়ে। আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা মতে দুৰ্ধৰ্ষ বাইকচোৰ ৰফিকুল ইছলাম আৰু আবিদুল্লাই বিভিন্ন আঞ্চলৰ পৰা বাইক চোৰ কৰি কাদেৰ আলী আৰু নাদিৰ আলীক চমজাই দিয়ে আৰু কাদেৰ আৰু নাদিৰে চুৰিৰ বাইক সমূহ বিক্ৰী কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰফিকুল নামৰ চোৰজনে ইতিমধ্যে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা ২০ খনতকৈও অধিক বাইক চুৰি কৰিছে৷