মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৮ আগষ্ট

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিগত প্ৰায় পাঁচ মাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ হাট বজাৰ সমূহ। ব্যৱসায়-বাণিজ্য বন্ধ হৈ পৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হাট ব্যৱসায়ী সকলৰ।

মহামাৰী কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত প্ৰায় পাঁচ মাহ ধৰি ৰাজ্যৰ ব্যৱসায়-বাণিজ্য বন্ধ হৈ পৰাত ব্যৱসায়ী সকলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। বিশেষকৈ সাপ্তাহিক হাট বজাৰ সমূহত বিভিন্ন সমগ্রী বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ব্যৱসায়ী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। পাঁচ মাহ ধৰি হাট বজাৰ বন্ধ হৈ থকাত দুবেলা দুমুঠিৰ বাবে সংগ্রাম কৰিব লগাত পৰিছে সাপ্তাহিক বজাৰ সমূহৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়ী সকল। মহাসংকটৰ এই সময়ত বিভিন্ন সমস্যাৰে জৰ্জৰিত কোকৰাঝাৰৰ জিলাৰ গোসাইগাঁও হাট ব্যৱসায় সমিতিৰ ব্যৱসায়ী সকল তেওঁলোৰ সমস্যাৰ সমাধান বিচাৰি অৱশেষত প্ৰতিবাদৰ পথ ল’বলৈ বাধ্য হ’ল।

মঙলবাৰে গোসাইগাঁও হাট ব্যৱসায় সমিতিৰ শতাধিক ব্যৱসায়ীয়ে গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মৌনতা অৱলম্বন কৰি ধৰ্ণা কাৰ্যসূচী ৰুণয়ন কৰে৷ গোসাইগাঁও মহকুমাৰ সাপ্তাহিক হাট সমুহ কৰ’ণা ভাইৰাছৰ ফলত প্ৰশাসনে বন্ধ ৰখাত ব্যৱসায়-বানিজ্য কৰি পৰিয়াল পোহপাল দিয়াৰ ক্ষেএত এক কষ্টকৰ পৰিস্থিতিৰ সন্মুখিন হ’ব লগা হৈছে সাপ্তাহিক হাটত বজাৰ দিয়া ব্যৱসায়ী সকল৷ সাপ্তাহিক হাট বজাৰৰ ব্যৱসায়ী সকল তেওঁলোৰ সমস্যাৰ পৰা পরিত্রণ বিচাৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি ব্যৱসায়ীক সকলৰ সমস্যাৱলী সন্দৰ্ভত এখন স্মাৰক পত্ৰ মহকুমাধিপতিৰ হাতত অৰ্পণ কৰে ৷