মহেন্দ্ৰ ভেটুৱাল

ওদালগুৰি

১৮ আগষ্ট

ওদালগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ। দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্ত‌ই সংগঠনটোৰ কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰি পেলালে সংগঠনৰ পতাকা। ঘটনা সংক্রান্তত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী।

দেওবাৰে ওদালগুৰিত সংঘটিত হয় এক অঘটন। নিশা ওদালগুৰি জিলাৰ খাওৰাংস্থিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ কাৰ্যালয়ত দুৰ্বৃত্ত‌ই প্ৰৱেশ কৰি তাণ্ডৱ চলায়। দুৰ্বৃত্ত‌ই কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয় চৌহদত থকা সংগঠনটোৰ পতাকা উভালি পথত দলিয়াই পেলায়। সোমবাৰে প্ৰাতভ্ৰমণলৈ ওলাই অহা‌ কিছুমান লোকে সংগঠনটোৰ পতাকা পথৰ কাষত পৰি থকা দেখি ঘটনাৰ বিষয়ে সংগঠনটোৰ নেতৃত্বক অৱগত কৰে। ইয়াৰ পাছত প্ৰতিবাদমুখৰ হৈ পৰে সংগঠনটোৰ কৰ্মকর্তা সকল। মঙলবাৰে ওদালগুৰি জিলা আগছুৰ নেতৃত্ব‌ত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ দ্বাৰা সংগঠনটোৱে আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে বিগত ২০১৭ চনতো সংগঠনটোৰ উক্ত কাৰ্যালয়ত দুৰ্বৃত্ত‌ই প্ৰৱেশ কৰি জনগোষ্ঠীটোৰ বীৰত্বৰ প্ৰতীক মেজৰ দূৰ্গা মল্লৰ প্ৰতিকৃতিত আঘাত হানিছিল। এনে ঘটনা যাতে পুনৰ বাৰ সংঘটিত নহয়, তাৰ বাবে সংগঠনটোৱে সকলো পক্ষকে সকীয়নি প্ৰদান কৰে। অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক কৰায়ত্ব নকৰিলে অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰো প্ৰদান কৰে সংগঠনটোৰ কৰ্মকর্তা সকলে। প্ৰতিবাদকাৰী সকলে ওদালগুৰি জিলা চক্ৰ বিষয়াৰ জৰিয়তে ঘটনাৰ তদন্তৰ দাবী জনাই উপায়ুক্তলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।