আনিছুৰ আলী

গৌৰীপুৰ

২০ আগষ্ট

গৌৰীপুৰৰ মাটিয়াবাগত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মালবাহী ট্ৰাক আৰু বলেৰ’ পিকআপ ভ্যানৰ মাজত মুখামুখি সংঘৰ্ষ। গুৰুত্বৰভাৱে আহত মালবাহী ট্ৰাকৰ চালক। আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰি আহত ট্ৰাক চালক জনক প্ৰেৰণ কৰে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ।

বৃহস্পতিবাৰে পুৱা ৭.৩০ মান বজাত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাটিয়াবাগত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন মালবাহী ট্ৰাক আৰু বলেৰ’ পিকআপ ভ্যানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত মালবাহী ট্ৰাকৰ চালকজন গুৰুত্বৰভাৱে আহত হয়। ভয়াবহ পথ দুৰ্ঘটনাত মালবাহী ট্ৰাকৰ চালকজন ট্ৰাকৰ ভিতৰত আৱদ্ধ হৈ পৰাত স্থানীয় ৰাইজে ট্ৰাক চালক জনক বহু সময় ধৰি উদ্ধাৰ কৰাৰ চেষ্টা চলাইও বিফল হয়। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰীয়া আৰু যানবাহন আৰক্ষী শাখাৰ আৰক্ষী বিষয়া সাধন সৰকাৰ উপস্থিতহৈ ট্ৰাক চালকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইপিনে পথৰ কাষত দুচকীয়া বাহন ৰখাই পানৰ দোকানত তামোল খাবলৈ যোৱা এজন লোকৰ এছ-১৭-০৮৮৬ নম্বৰৰ দুচকীয়া বাহনখন ট্ৰাক আৰু বলেৰ’ পিকআপ ভ্যানৰ সংঘৰ্ষত ভাঙি চুৰমাৰ হয়। দূৰ্ঘটনাৰ পিছত ৩১ নং ৰাষ্ট্ৰীয় পথত বহু সময় ধৰি যানবাহন চলাচল বন্ধ হৈ পৰা পৰিলক্ষিত হয়।