গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬ : গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক আৰু নাট্য চৰ্চাৰ অন্যতম অনুষ্ঠান অভিজ্ঞানমৰ উদ্যোগত ৬ নৱেম্বৰত শ্ৰীশ্ৰী মাধৱদেৱ (Madhavdev) আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুখন ব্যতিক্ৰমী নাটক ‘কামৰা চেওঁ’ আৰু ‘নকিয়াম্পো’ৰ সফল মঞ্চায়ন হয়। দুয়োখন নাটকৰ প্ৰদৰ্শন উপভোগ কৰিবলৈ প্ৰেক্ষাগৃহত যথেষ্ট সংখ্যক দৰ্শকৰ সমাগম ঘটে। বিভিন্ন ক্ষেত্ৰৰ নাট্যপ্ৰেমী, সংস্কৃতিপ্ৰেমী আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ মাত্ৰা প্ৰদান কৰে। দুয়োখন নাটকৰ বিষয়বস্তু আৰু কাহিনীৰ পটভূমি সম্পূৰ্ণ পৃথক হ’লেও সমাজ, সংস্কৃতি, পৰম্পৰা, মানৱীয় মূল্যবোধ আৰু পৰিৱৰ্তনৰ প্ৰশ্ন দুয়োখন নাটকতে সুন্দৰভাৱে প্ৰতিফলিত হৈছে।
প্ৰথমখন নাটক ‘কামৰা চেওঁ’ৰ ৰচনা, পৰিকল্পনা আৰু পৰিচালনা কৰিছে কুলদীপ তালুকদাৰে। ৰণহাং চৌধুৰীৰ আৰ্টিষ্টিক মেণ্টৰশ্বিপত নিৰ্মিত নাটকখনে অসমৰ পৰম্পৰাগত নলবৰীয়া ঢুলীয়া সমাজৰ এগৰাকী শিল্পীৰ জীৱন-সংগ্ৰাম, আশা-আকাংক্ষা, পোৱা-নোপোৱাৰ বেদনা আৰু ক্ৰমাৎ হেৰাই যাবলৈ ধৰা শিল্পীসত্তাৰ এক মৰ্মস্পৰ্শী ছবি দাঙি ধৰিছে। নিজৰ সন্তানকো ঢুলীয়া হিচাপে গঢ়ি তুলিবলৈ নিবিচৰা এগৰাকী শিল্পীৰ মনোজগতৰ মাজেৰে নাটকখনে পৰম্পৰাগত লোকশিল্পৰ ভৱিষ্যৎ আৰু পৰৱৰ্তী প্ৰজন্মৰ মাজত এই শিল্পৰ প্ৰতি ক্ৰমাৎ হ্ৰাস পোৱা আগ্ৰহৰ এক বাস্তৱ ছবি প্ৰতিফলিত কৰিছে। নাটকখনত আইতাৰ চৰিত্ৰত অজন্তা হাজৰিকা, সূৰ্যৰ চৰিত্ৰত চিন্ময় কলিতা, পদুমৰ চৰিত্ৰত কুলদীপ তালুকদাৰ, জেউতিৰ চৰিত্ৰত বৰষা দাস আৰু গোহাঁইনীৰ চৰিত্ৰত তৰালী বসুমতাৰীয়ে অভিনয় কৰে।
ইয়াৰ উপৰি ৰক্তিম মহন্ত, সুমন ডেকা, গীতৰাজ কলিতা, দিব্য জ্যোতি হাজৰিকা আৰু নিলনজ্যোতি ঠাকুৰীয়া সূৰ্যৰ বন্ধুসকলৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ৰক্তিম ডেকা, হৃদয় বৰ্মন ,জ্যোতি প্ৰকাশ, হৃদয় ডেকা ই ঢুলীয়াৰ চৰিত্ৰ ৰূপায়ণ কৰে। নাটকখনৰ কাৰিকৰী দিশত পোহৰ পৰিকল্পনাৰ দায়িত্বত আছিল ডিম্পল কুমাৰ দাস। সংগীত পৰিকল্পনাত আছিল অজয় মেচ (বগা), ভাস্কৰ জ্যোতি সান্দিল্য, সূৰ্য দাস, কংকন দাস আৰু কুলদীপ তালুকদাৰ। ৰূপসজ্জাত কুমাৰ কিশোৰ দাস আৰু নিৰ্জু ৰাজ দাস, মঞ্চসজ্জাত ৰণহাং চৌধুৰী, মঞ্চসজ্জা নিৰ্মাণত ধ্ৰুৱজ্যোতি স্পন্দন, অপূৰ্ব বৰ্মন, ৰক্তিম ডেকা আৰু হৃদয় বৰ্মন তথা সাজ-পোছাকৰ দায়িত্বত আছিল সুনীতা বৰ্মন আৰু প্ৰজ্ঞা তালুকদাৰ।
আনখন নাটক ‘ন’কিয়াম্পো’ বিশিষ্ট কথাশিল্পী য়েছে দৰ্জে ঠংচি‘ পাহাৰৰ চা’ শীৰ্ষক গল্পৰ আধাৰত নিৰ্মিত। ৰণহাং চৌধুৰীৰ ৰচনা আৰু পৰিকল্পনাৰে নিৰ্মিত নাটকখনৰ পৰিচালনা কৰিছে ৰণহাং চৌধুৰী আৰু কুলদীপ তালুকদাৰে। নাটকখনে দৰ্শকক অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লাজু নামৰ এখন দুৰ্গম পাহাৰীয়া গাঁৱৰ সামাজিক জীৱনলৈ লৈ যায়। নাটকখনৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে সেই অঞ্চলত এসময়ত প্ৰচলিত হৈ থকা এক অমানৱীয় সামাজিক প্ৰথা আৰু সেই প্ৰথাৰ বিৰুদ্ধে সমাজৰ ভিতৰতে গঢ় লৈ উঠা পৰিৱৰ্তনৰ প্ৰয়াস। বিবাহৰ সৈতে জড়িত এক নিষ্ঠুৰ পৰম্পৰাৰ ফলত এগৰাকী নাৰীৰ জীৱন আৰু মানৱীয় মৰ্যাদা কেনেদৰে প্ৰভাৱিত হৈছিল, সেই সংঘাতৰ মাজেৰে নাটকখনে সমাজৰ কু-সংস্কাৰ, নাৰীৰ অধিকাৰ, মানৱীয় মূল্যবোধ আৰু সামাজিক সংস্কাৰৰ প্ৰয়োজনীয়তা দাঙি ধৰিছে। বিশেষভাৱে উল্লেখযোগ্য যে, দুৰ্গম অঞ্চলৰ এখন গাঁৱৰ মানুহে আজিৰ পৰা প্ৰায় আশী বছৰ পূৰ্বেই এনে এক অমানৱীয় প্ৰথাৰ বিৰুদ্ধে থিয় দি তাক বিলুপ্ত কৰিবলৈ সক্ষম হৈছিল।
নাটকখনত কামথোকৰ চৰিত্ৰত সুনামী দাস, নেনথোকৰ চৰিত্ৰত টুটুমণি কলিতা, নকলোৰ চৰিত্ৰত ৰূপম শইকীয়া, তুখুমুৰ চৰিত্ৰত প্ৰবাল গোস্বামী, ৰণহাঙৰ চৰিত্ৰত সুৰজ কলিতা, সাজান নিনুৰ চৰিত্ৰত ভাস্বতী বৰা, টাইম্বাৰ চৰিত্ৰত ৰিপম ভৰদ্বাজ, ৱাপোৰ চৰিত্ৰত অজয় মেচ (বগা), মাতা জিৰ চৰিত্ৰত বৰষা দাস, খুনপাৰ চৰিত্ৰত তৰালী বসুমতাৰীয়া, পাহাপৰ চৰিত্ৰত হৃদয় ডেকা আৰু সংগঠনৰ নেতাৰ চৰিত্ৰত চন্দন কুমাৰ নাথে অভিনয় কৰে। ইয়াৰ উপৰি গাঁৱৰ পুৰুষৰ চৰিত্ৰত কুলদীপ তালুকদাৰ আৰু ধ্ৰুৱ কাৰ্জী তথা গাঁৱৰ মহিলাৰ চৰিত্ৰত ক্ৰিষ্টিনা চেতিয়াই অভিনয় কৰে। নাটকখনৰ কাৰিকৰী আৰু আন আন দিশত পোহৰ পৰিকল্পনাত ডিম্পল কুমাৰ দাস, সংগীতত অজয় মেচ (বগা), ৰণহাং চৌধুৰী আৰু ধনজিৎ বড়ো, কণ্ঠদানত দীপান্নিতা দাস আৰু আৰ্টিষ্টিক মেণ্টৰ হিচাপে ৰণহাং চৌধুৰী জড়িত আছিল।
মঞ্চসজ্জাত ৰক্তিম ডেকা, অপূৰ্ব বৰ্মন, নিৰ্জুৰাজ দাস, ধ্ৰুৱ কাৰ্জী, অজয় মেচ (বগা) আৰু হৃদয় ডেকা, প্ৰপাৰ্টি নিৰ্মাণত নিৰ্জুৰাজ দাস ,ৰূপম শইকীয়া, প্ৰবাল গোস্বামী,চন্দন কুমাৰ নাথ আৰু লালু ৰংহাঙে দায়িত্ব পালন কৰে। ৰূপসজ্জাৰ দায়িত্বত আছিল কুমাৰ কিশোৰ দাস আৰু নিৰ্জু ৰাজ দাস। প্ৰডাকচন মেনেজাৰ হিচাপে কুলদীপ তালুকদাৰ আৰু সহকাৰী প্ৰডাকচন মেনেজাৰ হিচাপে বিদ্যুৎ বিকাশ চৌধুৰী জড়িত আছিল। দুয়োখন নাটকৰ বিষয়বস্তু পৃথক হ’লেও দুয়োখনৰ মাজত এক উমৈহতীয়া সামাজিক দৃষ্টিভংগী পৰিলক্ষিত হয়। ‘কামৰা চেওঁ’ত পৰম্পৰাগত লোকশিল্পৰ ক্ৰমাগত অৱক্ষয় আৰু শিল্পীসত্ত্বাৰ সংকট প্ৰতিফলিত হোৱাৰ বিপৰীতে ‘ন’কিয়াম্পো’ত সমাজৰ ভিতৰত প্ৰচলিত অমানৱীয় প্ৰথাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু সামাজিক পৰিৱৰ্তনৰ ছবি দাঙি ধৰা হৈছে।
দুয়োখন নাটকৰ সফল মঞ্চায়নৰ আঁৰত আছিল শিল্পী আৰু কলা-কুশলীসকলৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু সমূহীয়া প্ৰচেষ্টা। অভিনয় শিল্পী সকলৰ চৰিত্ৰৰ সৈতে একাত্ম হোৱাৰ প্ৰয়াসৰ পৰা আৰম্ভ কৰি মঞ্চসজ্জা, পোহৰ, সংগীত, ৰূপসজ্জা, সাজ-পোছাক আৰু আন আন কাৰিকৰী দিশসমূহৰ সূক্ষ্ম সমন্বয়লৈকে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰতিফলন ঘটিছিল। বিশেষকৈ মঞ্চৰ সন্মুখত দৰ্শকে উপভোগ কৰা প্ৰতিটো দৃশ্যৰ আঁৰত থকা মঞ্চৰ পিছফালৰ অসংখ্য নীৰৱ প্ৰচেষ্টা আৰু সামূহিক দায়িত্ববোধে দুয়োখন প্ৰযোজনাক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। এগৰাকী শিল্পীৰ অভিনয়ৰ পৰা আৰম্ভ কৰি মঞ্চৰ প্ৰতিটো কাৰিকৰী উপাদানলৈকে সকলোৰে সমন্বিত প্ৰচেষ্টাই এই সন্ধিয়াটোক স্মৰণীয় কৰি তুলিবলৈ সক্ষম হয়। দুয়োখন নাটকৰ প্ৰদৰ্শন উপভোগ কৰিবলৈ অসমৰ নাট্য আৰু সাংস্কৃতিক জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেওঁলোকৰ ভিতৰত বিশিষ্ট নাট্য পৰিচালক অবিনাশ শৰ্মা, নৰেন পাটগিৰি, নয়ন প্ৰসাদ, হিমাংশু প্ৰসাদ দাস, ৰবিজিতা গগৈ, অনুপ হাজৰিকা আৰু পাকিজা বেগম অন্যতম।
উপস্থিত বিশিষ্ট ব্যক্তিসকলে দুয়োখন নাটকৰ কাহিনী, বিষয়বস্তুৰ গভীৰতা আৰু নাট্য উপস্থাপনৰ পৰিপক্কতাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁলোকৰ মতে, দুয়োখন নাটকেই নিজস্ব কাহিনী আৰু স্বকীয় নাট্য প্ৰকাশভংগীৰে দৰ্শকৰ মনত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। সমাজ আৰু সংস্কৃতিৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশক নাট্যৰূপ দিয়াৰ ক্ষেত্ৰত দুয়োখন প্ৰযোজনাই যথেষ্ট সফলতা অৰ্জন কৰিছে। দৰ্শকৰ উৎসাহজনক উপস্থিতি আৰু দুয়োখন নাটকৰ প্ৰতি প্ৰকাশ কৰা ইতিবাচক সঁহাৰিয়ে গুৱাহাটীত অৰ্থপূৰ্ণ আৰু বিষয়বস্তু নিৰ্ভৰ নাট্য চৰ্চাৰ প্ৰতি থকা আগ্ৰহক পুনৰবাৰ প্ৰতিফলিত কৰে। এই দুই প্ৰযোজনাৰ জৰিয়তে অভিজ্ঞানম এ মনোৰঞ্জনৰ পৰিসৰ অতিক্ৰম কৰি সমাজ, সংস্কৃতি আৰু মানৱীয় প্ৰমূল্যবোধৰ সৈতে দৰ্শকক সংযোগ কৰাৰ নিজৰ প্ৰয়াস অব্যাহত ৰাখিছে।
