আনোৱাৰ হুছেইন

গৰৈমাৰী

২২ আগষ্ট

নিজ সমষ্টিতেই জ্বলিল বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পুত্তলিকা। ৰেকিবুদ্দিন আহমেদ গ’ বেগ, ৰেকিবুদ্দিন আহমেদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল ছয়গাঁৱৰ নৈ পৰীয়া অঞ্চল বৰাখাট গাঁও। গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৰেকিবুদ্দিন আহমেদ বুলি অভিযোগ বৰাখাট গাঁওবাসীৰ।

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আহিছে নৈ পৰিয়া ৰাইজৰলৈ। বছৰ বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰা ছয়গাঁও সমষ্টিৰ বিভিন্ন অঞ্চলৰ কেইবাশ বিঘা ভূমি ইতিমধ্যে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। গৰাখহনীয়াৰ ফলত ভেটি-মাটি হেৰুৱাই বহু লোক অঘৰীৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। বছৰ বছৰ ধৰি ছয়গাঁৱৰ নৈ পৰিয়া ৰাইজে গৰাখহনীয়াৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি চৰকাৰক অনুৰোধ জনাই আহিছে যদিও গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা নাই কোনো ধৰণৰ পদক্ষেপ। আনকি স্থানীয় বিধয়াক ৰেকিবুদ্দিন আহমেদ নিৰ্বাচন পূৰ্বে গৰাখহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি প্ৰদনা কৰিছিল যদিও এইক্ষেত্ৰত বিধায়ক গৰচকীও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ ৰাইজৰ।

অৱশেষত গৰাখহনীয়া ৰোধৰ দাবীত সমষ্টিটোৰ নৈ পৰিয়া ৰাইজ বাধ্য হ’ল প্ৰতিবাদ পথ গ্ৰহণ কৰিবলৈ। সমষ্টিটোৰ বিভিন্ন অঞ্চলত তীব্ৰতৰে চলি থকা গৰাখহনীয়া প্ৰতিৰোধ কৰাত বিধয়াক ৰেকিবুদ্দিন আহমেদ সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি শনিবাৰে বিধায়কগৰাকীৰ প্ৰতিমূৰ্তিত দাহ কৰি শৱদেহ কলগছৰ ভেলত বান্ধি ব্ৰহ্মপুত্ৰ নৈত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ ইফালে বিধায়ক ৰেকিবুদ্দিন আহমেদে সমষ্টিবাসীৰ লগত বিগত সময়ছোৱাত কৰি অহা প্ৰতাৰণাৰ জবাব ২০২১ চনত দিব বুলি তীব্ৰ সকীয়নি প্ৰদান কৰে ৰাইজে৷ আন একাংশই আকৌ বিধায়কগৰাকীক সমষ্টিৰ পৰা চিৰদিনৰ বাবে বিদায় দিব বুলিও ক্ষোভ উজাৰে।