আমিনুৰ ৰহমানৰ সৈতে আশ্রফৰ ৰহমান

শিৱসাগৰ

২২ আগষ্ট

বিভিন্ন সময়ত এক বিশেষ সম্প্ৰদয়কলৈ বিতৰ্কিত মন্তব্য প্ৰদনা কৰা সত্যৰঞ্জন বৰাকলৈ উত্তাল হৈ পৰে শিৱসাগৰ নগৰ। শিৱসাগৰত বিভিন্ন দল-সংগঠনে সত্যৰজনা বৰাৰ বিৰুদ্ধে পাতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে ৰাজপথ।

বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা সত্যৰঞ্জন বৰা শিৱসাগৰত এক সভাত অংশগ্ৰহণ কৰাৰ খবৰ পাই শনিবাৰে শিৱসাগৰ নগদ উত্তাল কৰি তোলে বিভিন্ন দল-সংগঠনে। এক বিশেষ সম্প্ৰদয়কলৈ বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য প্ৰদান কৰি অহা সত্যৰঞ্জন বৰাই কিছুদিন পূৰ্বে নলবাৰী জিলাত মুছলমানৰ মুখত পাঞ্চ মৰাৰ মন্তব্য কৰাৰ পিছৰে পৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনে। শনিবাৰে শিৱসাগৰত এক সভাত সত্যৰঞ্জন বৰা অংশগ্ৰহণ কৰিবলৈ অহাৰ খবৰ পাই বিভিন্ন দল-সংগঠনে সত্যৰঞ্জন বৰাক বিচাৰি অভিযান চলাই প্ৰতিবাদ সাব্যস্ত কৰে। অসম যুৱ ছাত্ৰ সন্মিলন, লাচিত সেনা, উজনি অসম কল্যান পৰিষদে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দলমুখ চাৰিআলিত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সত্যৰঞ্জন বৰা মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা নকৰিবলৈ প্ৰতিবাদকাৰী সকলে সত্যৰঞ্জন বৰাক সকীয়নী প্ৰদান কৰে।

ইফালেনশিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধেও পক্ষপাতৰ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী দল-সংগঠনে। সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানত এজাহাৰ দিয়াৰ পাছতো শনিবাৰে আৰক্ষীয়ে সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰাৰ পৰিবৰ্তে সুৰক্ষা দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে দল-সংগঠনে।