কুন্দন ভৰালী

নগাঁও

৬ ছেপ্টেম্বৰ

গৃহস্থক অচেতন কৰি বনকৰা যুৱতীয়ে চলালে লুটপাত। অৱসৰপ্ৰাপ্ত অভিযন্তাৰ ঘৰত বনকৰা হিচাপে নিয়োজিত এগৰাকী যুৱতীয়ে গৃহস্থক নিচাযুক্ত দ্ৰব্য খুৱাই চলালে লুটপাত।

নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যপ্ৰসাদ বৰা, তেওঁৰ পত্নী প্ৰনতি বৰা আৰু পুত্ৰ সমীৰণ বৰাক নিশা আহাৰৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি বনকৰা যুৱতীয়ে বহু মূল্যবান সামগ্ৰী লুটি নিয়ে।যোৱা ১ ছেপ্তেম্বৰত অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যপ্ৰসাদ বৰাৰ ঘৰত বনকৰা হিচাপে যোগদান কৰিছিল মোলাপট্টিৰ ববিতা পণ্ডিত নামৰ এগৰাকী যুৱতীয়ে। বনকৰা যুৱতী গৰিকীয়ে দুষ্টচক্ৰৰ লগত মিলি এই চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ সত্যপ্ৰসাদ বৰাৰ ঘৰত বনকৰা যুৱতী হিচাপে নিয়োজিত ববিতা পণ্ডিত পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

ইফালে খাদ্যৰ লগত নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত অসুস্থ হৈ পৰা সত্যপ্ৰসাদ বৰাৰ লগতে পত্নী আৰু পুত্ৰ বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।