আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

২৩ ছেপ্টেম্বৰ

ভাৰত-বাংলাদেশ সীমান্তৰ নদী পথ সমূহৰে অব্যাহত আছে অসমৰ পৰা বাংলাদেশলৈ পশুধন সৰবৰাহ। নিশাৰ ভাগত অধিক সক্ৰিয় হৈ পৰে পশুধনৰ সৰবৰাহকাৰী। দক্ষিণ শালমাৰাত পুনৰ জব্দ যন্ত্ৰচালিত নাওঁসহ পশুধন।

দক্ষিণ শালমাৰা জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সুৰক্ষা বাহিনী তথা আৰক্ষী চোৰাং পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে পূৰ্বতকৈ যিমানেই কঠোৰ পদক্ষেপ হাতত লৈছে সিমানে জিলাখনৰ একাংশ পশুধন সৰবৰাহকাৰীয়ে সুৰক্ষা বাহিনী তথা আৰক্ষীৰ চকুত ধুলি দি বাংলাদেশলৈ চোৰাংভাৱে পশুধন চালান দিয়াৰ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। নিশা হলেই একাংশ পশুধন সৰবৰাহকাৰী আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি নদীপথ সমূত সক্ৰিয় হৈ উঠে বাংলাদেশলৈ চোৰাংভাৱে পশুধন চালান দিয়াৰ বাবে। মঙলবাৰে নিশাও দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দক্ষিণ শালমাৰা আৰু ধুুুবুৰীৰ মাজমজিয়াৰ ভাৰত- বাংলাদেশ সীমান্তৰ ৰসমাৰীত ব্ৰহ্মপুত্ৰ নদীৰ পৰা এটা যন্ত্ৰচালিত নাওঁসহ ১১ টা পশুধন জব্দ কৰাৰ লগতে এগৰাকী পশুধন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী জন দক্ষিণ শালমাৰা থানা এলেকাৰ মনিৰচৰ গাঁৱৰ বাসিন্দা হাকিম উদ্দিনৰ পুত্ৰ ৰূপচান্দ আলী বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰী জনৰ বিৰুদ্ধে আৰক্ষীয়ে এখন গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

ইফালে জিলাখনৰ ছালাপাৰা কেম্পৰ ৪১ বিএন বিএছএফে পৃথকে আন এক অভিযান চলাই ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ পৰা ৬ টা গৰু জব্দ কৰাৰ লগতে এগৰাকী পশুধন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা পশুধন সৰবৰাহকাৰী জন সুখচৰ থানা এলেকাৰ বোৱালিৰচৰ গাঁৱৰ বাসিন্দা নালশা শেখৰ পুত্ৰ ছামছুল হক বুলি জনা গৈছে।