আব্দুল হক
নগৰবেৰা
১ এপ্ৰিল
বৰপেটা জিলাৰ কাছুমাৰাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা৷ সভাত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে হেলিকাপ্টাৰেৰে আহি চেঙা সমষ্টিৰ জাতীয় কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ হাজাৰ হাজাৰ জনসাধাৰণে সমাগম হোৱা নিৰ্বাচনী সভাত গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় উজনিৰ পৰা নামনি, শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজে এইবাৰ কংগ্ৰেছৰ চৰকাৰ বিচাৰিছে৷
বিজেপি দলৰ অত্যাচাৰৰ বিৰুদ্ধে যদি মাত মাতিব লাগে তেনেহলে চেঙা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলীক জয়ী কৰাব লাগিব৷ বিজেপিয়ে পুনৰ এন আৰ চি কৰিব বিচাৰিছে কিন্তু কংগ্ৰেছৰ চৰকাৰ হ’লে প্ৰত্যেকজন ভাৰতীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিব৷ বিজেপিয়ে মানুহৰ মাজত কেৱল সংঘাত, হিংসাৰ সৃষ্টি কৰিব বিচাৰিছে আৰু ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ কেৱল এটাই দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল৷ আনহাতে বিগত সময়ত চেঙা সমষ্টিত যথেষ্ট উন্নয়ন কৰা হৈছে লগতে চেঙা সমষ্টিৰ এজন স্থানীয় ব্যক্তি হিচাপে ৬ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনত হাতৰ ছবিৰ বুটাম টিপি ভোট দিবলৈ গৌৰৱ গগৈয়ে আহ্বান জনায়।
ৰাইজে “কা” আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদ পৰিয়ালৰ প্ৰতি সন্মান জনাই কংগ্ৰেছক ভোট দিছে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪০ খনৰো অধিক আসন কংগ্ৰেছে পাব৷ অসমত কংগ্ৰেছৰেই চৰকাৰ হ’ব বুলিও দাবী কৰে গৌৰৱ গগৈয়ৰ৷ কংগ্ৰেছ নেতা গৰকীয়ে লগতে কংগ্ৰেছে পাঁচটা গেৰাণ্টি ৰূপায়ন কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।