ফজলুৰ ৰহমান

সোণতলী

২ এপ্ৰিল

দক্ষিণ কামৰূপৰ বকোত  ভয়ংকৰ পথ দূৰ্ঘটনা। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বকোৰ লামপাৰাত সংঘটিত হৈছে এই পথ দূৰ্ঘটনা৷ চিমেণ্ট ভৰ্তি ট্ৰাক আৰু ফিয়েট বাহনৰ মুখামুখি সংঘৰ্ষ। পথ দুৰ্ঘটনাত আহত দুজনকৈ লোক।

কামৰূপ জিলাৰ বকোৰ লামপাৰাত শুকুৰবাৰে সংঘটিৰ হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এএছ-২৫- এ চি-১৯০৮ নম্বৰৰ এখন চিমনেট ভৰ্তি ট্ৰাকৰ লগত এএছ-০১-ডিএছ-৩৪১৩ নম্বৰৰ চাৰিচকীয়া ফিয়েট বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত ফিয়েট বাহনত থকা দুজন লোক গুৰুত্বৰভাৱে আহত হয়।

স্থানীয় ৰাইজে দুর্ঘটনাত আহত লোক দুজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে অতি সংকট জনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। আহত লোক দুজন ছয়গাঁৱৰ উদ্যোগ পামৰ হিনকোলিন কোম্পানীৰ টানাই সেন আৰু ধীৰাজ গগৈ বুলি জানিব পৰা গৈছে৷