গুৱাহাটী : জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পিছতে চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক। টেট শিক্ষকৰ (TET Teacher) চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক। শিক্ষা সঞ্চালকালয়ে টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰে ভিক্টৰ দাসক।

শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ চাকৰি সন্দৰ্ভত এক টুইট কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসক অৱশেষত টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগত টুইট কৰি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ভিক্টৰ দাসক শিক্ষা সঞ্চালকালয়ে টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰিছে।

অসম চৰকাৰৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ কৰাৰ পিছতে ভিক্টৰ দাসক অসম আৰক্ষীয়ে জেৰা চলাই গ্ৰেপ্তাৰ কৰিছিল। ৭ দিন আৰক্ষীৰ জিম্মাত থকাৰ পিছত ভিক্টৰ দাস আদালতৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল। ভিক্টৰ দাস কমলপুৰৰ পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলত টেট শিক্ষক হিচাপে কৰ্মৰত আছিল।

ইফালে ভিক্টৰ দাসৰ বিৰুদ্ধে টেট শিক্ষক হিচাপে কৰ্মৰত থকাৰ পিছতো ব্যক্তিগত কোচিং চেণ্টাৰ চলাই থকাৰ অভিযোগ আছিল। অৱশ্যে ভিক্টৰ দাসক ব্যক্তিগত কোচিং চেণ্টাৰ চলাই থকাৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা হোৱা নাই। ভিক্টৰ দাস ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থকাৰ বাবেই চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

ইফালে টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰাৰ পিছতে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভিক্টৰ দাসে। তেওঁক সহায় সহযোগ কৰা সকলো লোকক ভিক্টৰ দাসে ধন্যবাদ জ্ঞাপন কৰে। ভিক্টৰ দাসে পানবজাৰ আৰক্ষীৰ বিষয়া সকলকো ধন্যবাদ জ্ঞাপন কৰে। মোক এজন শিক্ষাবিদ হ’বলৈ দিয়ক। মই মোৰ শিক্ষাৰ্থী সকলক সদায় সহায় কৰি যাম বুলিও তেওঁ লিখে।