সোণতলী, ৭ জুলাইঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীৰ অধীনস্থ মাহতলীৰ আবিদা বেগম নামৰ মহিলাগৰাকী ১৭ জুনৰ পৰা সন্ধানহীন হৈ আছে। ৰফিকুল ইছলামৰ পত্নী আবিদা বেগমে ১৭ জুনৰ নিশা প্ৰায় ২ মান বজাত ৰোজাৰ চেহেৰী পাক কৰিবলৈ উঠাৰ পিছৰে পৰা নিৰুৰ্দ্দেশ হৈ আছে৷ দুই সন্তানৰ মাতৃ আবিদা বেগমক স্বামী ৰফিকুল ইছলাম তথা পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ লাভ পোৱা নাই। সন্ধানহীন হোৱাৰ দুদিনৰ পিছতে ৯৬১৩৫৭৭০৭০ নম্বৰৰ পৰা আবিদা বেগমে স্বামী ৰফিকুল ইছলামক কিচমত কাঠমী গাঁৱৰ মইনুল হক নামৰ যুৱক এজনে অপহৰণ কৰি নি কোনোবা অজ্ঞাত স্থানত লুকুৱাই ৰখা বুলি জনাইছিল৷ ঘটনা সম্পৰ্কে ৰফিকুল ইছলামে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও সোণতলী আৰক্ষীয়ে ঘটনাৰ কোনো তদন্ত কৰা নাই বুলি ৰফিকুলে অভিযোগ কৰিছে। মইনুল হকে আবিদাক অপহৰণ কৰি নাৰী ব্যৱসায়ীৰ হাতত ধনৰ বিনিময়ত গতাই দিয়া বুলি ৰফিকুল তথা ওচৰ চুবুৰীয়াই সন্দেহ কৰিছে ৷