লখিমপুৰ, ৭ জুলাইঃ লখিমপুৰত ৰেলৰ খুন্দাত এটা বনৰীয়া হাতী নিহত হয়। লখিমপুৰৰ পথালিপাম বন বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰেলৰ খুন্দাত হাতীটো নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, খাদ্যৰ সন্ধানত হাতীটো লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল। হাতীটো মুৰ্কংচেলেক-ডেকাগাওঁ অভিমুখী ৰেলৰ খুন্দাত কৰুণ ভাবে মৃত্যুক সাৱটি লয়। বন বিভাগৰ মতে মৃত হাতীটোৰ বয়স প্ৰায় ২৫ বছৰ। দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰেলৰ ট্ৰেকত তীব্ৰ বেগেৰে ৰেল চলোৱাৰ বাবে এই দুর্ঘটনাটো সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। ৰেল বিভাগে সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰেল লাইনবোৰত এক নিয়ন্ত্ৰণ গতিত ৰেল চলা-চল কৰাৰ নিৰ্দেশ দিছে যদিও বিভিন্ন সময়ত ৰেলৰ খুন্দাত হাতীৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায়।