গোৱালপাৰা, ১৮ নৱেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ (Wild Elephant) আক্ৰমণত নিহত এজন। বনৰীয়া হাতীৰ আক্ৰমণত নিহত প্ৰাক্তন সেনা জোৱান। ৰবৰ কাটিবলৈ চেইকেলৰে নিজৰ ৰবৰ বাগানলৈ গৈ থকা অৱস্থাত প্ৰাক্তন সেনা জোৱানজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে। বন বিভাগ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়। বিশেষকৈ গোৱালপাৰা জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকাৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে।
পুনৰ গোৱালপাৰা জিলাত দেখিবলৈ পোৱা গৈছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এজন সেনা জোৱান। এই শোকাবহ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনবিভাগৰ অধীনস্থ আৰু মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত দহিকতা পোহলানপাৰাত। শনিবাৰে পুৱাৰ ভাগত এটা বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় নৰেশ্বৰ ৰাভা নামৰ প্ৰাক্তন সেনা জোৱান। পুৱাৰ ভাগত নিজৰ ৰবৰ বাগানত ৰবৰ কাটিবলৈ চাইকেলেৰে গৈ থকা অৱস্থাত বাটত ৰাখি থকা এটা বনৰীয়া হাতীয়ে নৰেশ্বৰ ৰাভা নামৰ প্ৰাক্তন সেনা জোৱানজনক আক্ৰমণ কৰে। ফলত থিতাতে নিহত হয় নৰেশ্বৰ ৰাভা নামৰ প্ৰাক্তন সেনা জোৱানজন।
স্থানীয় ৰাইজে নৰেশ্বৰ ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত পৰিয়ালৰ লোকে উপস্থিত হৈ বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে। বন বিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নৰেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাক্তন সেনা জোৱান নৰেশ্বৰ ৰাভাৰ মৃত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে
কিছুদিন পুর্বে গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল একেটা পৰিয়ালৰ তিনিজনকৈ লোক।
গোৱালপাৰা জিলাৰ ভালুকডুবিত কিছুদিন পূৰ্বে মেহুবুবা আলম আহমেদ নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল বনৰীয়া হাতীৰ আক্ৰমণত। মহিলা গৰাকী প্রাতঃভ্রমণলৈ ওলাই যাওঁতে বনৰীয়া হাতীয়ে মহিলা গৰাকীক আক্রমণ কৰাত থিতাতে নিহত হৈছিল মহিলা গৰাকী। চলিত বৰ্ষত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত ১২ জনকৈ লোকৰ মৃত্যু হৈছে। গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গোৱালপাৰাবাসী ৰাইজে বন বিভাগক বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই আছে যদিও বন বিভাগ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছে। গোৱালপাৰা জিলাৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল সমূহত বনাঞ্চল ধ্বংসৰ ভয়াবহ ফল ভুগিছে গোৱালপাৰাবাসী ৰাইজে।