নগাঁও, ২০ নৱেম্বৰ, ২০২৩ : এইবাৰ এখন দুর্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ নিচাযুক্ত দ্ৰব্য। দুর্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য (Drugs)। বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত দ্ৰব্যৰ বটল। স্থানীয় ৰাইজে নিচাযুক্ত দ্ৰব্যখিনি উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। দুর্ঘটনাস্থলীৰ পৰা বাহনখনৰ চালক আৰু আৰোহীৰ পলায়ন।
অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে যদিও ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন সময়ত ড্ৰাগছ সৰবৰাহকাৰী সকলে কৌশল সলনি কৰি ড্ৰাগছ সৰবৰাহ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ এনে কৌশল বিফল কৰি কেইবাটাও বৃহৎ সাফল্য লাভ কৰি জব্দ কৰিছে কোটি কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সফলতাৰ ধাৰা অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলেও ৰাজ্যৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহৰ চেষ্টা চলাই গৈছে। সোমবাৰে সন্ধিয়াৰ ভাগত পুনৰবাৰ ইয়াৰ এক প্ৰমাণ পোৱা গ’ল। সোমবাৰে সন্ধিয়া নগাঁও জিলাৰ চামগুৰিৰ সোণাৰিবালিত দুর্ঘটনাত পতিত হয় এখন বাহন। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰে পথৰ কাষৰ ৱালত। দুর্ঘটনাৰ পিছতে দুর্ঘটনাগ্ৰস্ত বাহনখন এৰি পলায়ন কৰে বাহনখনৰ চালক তথা আৰোহী। স্থানীয় ৰাইজ দুর্ঘটনাস্থলীত উপস্থিত হৈ বাহনখনত প্ৰত্যক্ষ কৰে নিচাযুক্ত দ্ৰব্য। ইয়াৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক।
ঘটনাৰ সব পাই দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুর্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰে। আৰক্ষীৰ বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত দ্ৰব্যৰ বটল উদ্ধাৰ কৰি জব্দ কৰে। দুর্ঘটনাগ্রস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ এএছ-০১-এটি-৮৭৭৭ বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দুর্ঘটনাগ্ৰস্ত বাহনখনেৰে এই জব্দকৃত নিচাযুক্ত দ্ৰব্যখিনি সৰবৰাহৰ চেষ্টা চলাওঁতে বাহনখন দুর্ঘটনাত পতিত হয়।