হোজাই, ৩১ মে’, ২০২৪ : ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। পুনৰ অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। এইবাৰ অপৰাধীক লক্ষ্য কৰি হোজাই আৰক্ষীৰ (Hojai Police) গুলী চালনা। হোজাই আৰক্ষীৰ গুলী লাগি অহাত এজন অপৰাধী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে অপৰাধীজনক লক্ষ্য কৰি গুলী চালনা কৰে। গুলীবিদ্ধ অপৰাধীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। প্ৰতিদিনে আৰক্ষীৰ বন্দুক গৰজি উঠিছে। প্ৰতিদিনে আৰক্ষীৰ গুলীত আহত হৈছে অপৰাধী। এইবাৰ হোজাই আৰক্ষীৰ গুলীত অহাত হৈছে এজন ড্ৰাগছ মাফিয়া। বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা। নিশা হোজাই আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যাওঁতে ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়।

নিশাৰ ভাগত হোজাই আৰক্ষীয়ে গুলী চালনা কৰে চাহাব উদ্দিন নামৰ এজন ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি। নিশা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে চাহাব উদ্দিন নামৰ ড্ৰাগছ মাফিয়াৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰাত আহত হয় চাহাব উদ্দিন। গুলীবিদ্ধ চাহাব উদ্দিনক নিশাই আৰক্ষীয়ে চিকিৎসাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে নিশা এক গোপন খবৰৰ ভিত্তিত হোজাই আৰক্ষীয়ে নখুটিৰ ৰামছিং গাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ চাহাব উদ্দিনক আটক কৰিছিল।

অভিযানকালত আৰক্ষীয়ে চাহাব উদ্দিনৰ কবলৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। আৰক্ষীয়ে চাহাব উদ্দিনক ড্ৰাগছসহ আটক কৰা সময়ত চাহাব উদ্দিনে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বাধ্য হৈ চাহাব উদ্দিনক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত হোৱা চাহাব উদ্দিনক ততাতৈয়াকৈ হোজাই আৰক্ষীয়ে চিকিৎসা বাবে নগাঁও লৈ প্ৰেৰণ কৰে। বৰ্তমান চাহাব উদ্দিন নগাঁৱত চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে অসম চৰকাৰৰ নিৰ্দেশত আৰক্ষী ড্ৰাগছৰ সৰবৰাহ আৰু বেহাৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে। ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতো একাংশ ড্ৰাগছ মাফিয়াই ৰাজ্যত ড্ৰাগছৰ বেহা চলাই আছে।